ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীক ৰেডক্ৰছ ছ’চাইটিৰ কৰ্মশ্ৰী বঁটা প্ৰদান

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীক ৰেডক্ৰছ ছ’চাইটিৰ কৰ্মশ্ৰী বঁটা প্ৰদান

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-   অসম চৰকাৰৰদ্বাৰা “কৰ্মশ্ৰী বঁটা প্ৰাপক” ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীক  তেখেতৰ সুদক্ষ নেতৃত্বৰ বাবে লাভ কৰা এই সন্মানে ডিব্ৰুগড়বাসীক গৌৰৱান্বিত কৰাত ১৯আগষ্ট মঙলবাৰে ভাৰতীয় ৰেডক্ৰছ ছ’চাইটি, ডিব্ৰুগড় জিলা শাখাৰ তৰফৰ পৰা  তেখেতলৈ আন্তৰিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ৰেডক্ৰছ ছ’চাইটিৰ সভাপতি ড০ পঙ্কজ কুমাৰ শ্ৰুতিকৰ প্ৰমূখ্যে , ছ’চাইটিৰ উপ-সভাপতি ড০ মহেশ কুমাৰ জৈন , কোষাধ্যক্ষ ৰাজ কুমাৰ আগৰৱালা, সম্পাদক অনুজ কুমাৰ বৰুৱা, আজীৱন সদস্য ক্ৰমে তৰুণ কুমাৰ গগৈ, ঝৰ্ণা শইকীয়া, কৃপাল ফুকন, মৃদুলা ফুকন,সমীৰ কুমাৰ শৰ্মা, প্ৰবাল দাস, আৰু সুৰেশ আগৰৱালা উপস্থিত থাকে। জিলা আয়ুক্তক এখনি গামোচা, চেলেং চাদৰ, জাপি , ফুলৰ থোপা, এখনি সঁফুৰা আৰু কলমেৰে সম্বৰ্দ্ধনা জনোৱা হয় । জিলা আয়ুক্তই সকলো ৰেডক্ৰছ ছ’চাইটিৰ সদস্যক ধন্যবাদেৰে শলাগ লয় আৰু তেওঁলোকৰ কৰ্মৰাজিক প্ৰশংসা কৰে।