অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাখন সুৰক্ষিত কৰাৰ দায়িত্ব যুৱ প্ৰজন্মই ল’ব লাগিব: প্ৰধান সম্পাদক দেৱজিৎ বৰা
অসম সাহিত্য সভাৰ যুৱ সন্মিলনত ডেৰশতাধিক যুৱ প্ৰতিনিধিৰ অংশগ্ৰহণ
গীত-নৃত্য-কবিতাৰ মূৰ্চনাত জীপাল শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়
ৰঙিলী বাৰ্ত্তাসেৱা- “ভাষা হ’ল আমাৰ আত্মাৰ স্পন্দন। ইয়াৰ সংৰক্ষণ, সমৃদ্ধি আৰু বিকাশৰ দায়িত্ব মূলতঃ নৱপ্ৰজন্মৰ ওপৰতে নিৰ্ভৰ কৰি আছে।” অসম সাহিত্য সভাৰ কেন্দ্রীয় যুৱ সংসদৰ উদ্যোগত জাঁজী হেমনাথ শর্মা মহাবিদ্যালয়ত অনুষ্ঠিত যুৱ-সন্মিলন অনুষ্ঠানত বিশেষভাৱে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে অসম সাহিত্য সভাই সদায়েই যুৱ সমাজক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ সদাসচেষ্ট। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাখন সুৰক্ষিত কৰাৰ স্বাৰ্থত যুৱ প্ৰজন্মৰ প্ৰতিনিধি সকলে বিশেষভাৱে গুৰুত্ব দিব লাগিব। এই পতাকাখন জাতিৰ স্বাৰ্থত সুৰক্ষিত হৈ আছেনে নাই তাৰ প্ৰতিও সজাগ দৃষ্টি ৰাখিব লাগিব যুৱ প্ৰজন্মই। তেওঁ লগতে ব্যাখ্যা কৰে যে প্ৰতিটো প্ৰজন্মৰ সৃষ্টিশীল কৰ্মসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজেই আগবঢ়ায় নিব লাগিব সমাজৰ প্ৰতিজনৰ মাজলৈ। অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, জিলা প্ৰতিনিধি সন্তোষ দত্ত, উপসভাপতি ড০ জীৱন কলিতা, অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি জ্যোতিপ্ৰসাদ গগৈ, অসম উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি হিমাদ্ৰীজ্যোতি দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখন উদ্বোধন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই । যুৱ সন্মিলনখন উদ্বোধন কৰি তেওঁ কয় যে যুৱ প্ৰজন্ম হৈছে সাহিত্য, সংস্কৃতি আৰু সমাজ চিন্তনক সলনি কৰিব পৰা শক্তি। সাহিত্য সভাৰ এই ধৰণৰ পদক্ষেপে নিশ্চয়েই আগন্তুক প্ৰজন্মক ভাষা-সংস্কৃতিৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিব।সম্প্ৰতি সামাজিক বুদ্ধিমত্তাৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰি তেখেতে লগতে কয় যে পৰিবৰ্তনৰ লগতে ৰূপান্তৰ লাগিব। আজি প্ৰযুক্তিয়ে মানুহক বহুদূৰ আগুৱাই নিছে যদিও গ্ৰন্থই দিয়া জ্ঞানতকৈ আন কোনো বস্তুৱেই শ্ৰেষ্ঠ হ’ব নোৱাৰে। অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক ড০ হৃদয়ানন্দ গগৈয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষকৰ বক্তৃতা, দিখৌমুখ মহাবিদ্যালয়ৰ সুৰ সমলয় আৰু কবিতা আবৃত্তি, নাজিৰা মহাবিদ্যালয়ৰ গীত আৰু কবিতা, গড়গাঁও মহাবিদ্যালয়ৰ গীত, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ একক অভিনয়, দিহানাম, বৰগীত, দলীয় নৃত্য, চুকাফা একাডেমী চাৰু কলা মহাবিদ্যালয়ৰ ঠাইতে চিত্ৰ অংকন, চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ বক্তৃতা প্ৰমুখ্যে উজনি অসমৰ প্ৰায় ২০ খন শিক্ষানুষ্ঠানৰ পৰা অহা ডেৰশতাধিক যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজা নিজা পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।সভাপতিৰ ভাষণত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই কয় যে যুৱ প্ৰজন্ম আমাৰ সমাজ-সংস্কৃতিৰ মূল চালিকা শক্তি। সেয়েহে সভাই গ্ৰাম্যস্তৰলৈকে যুৱকৰ চিন্তা, প্রতিভা আৰু উদ্যোগক মঞ্চ দিয়াৰ চেষ্টা কৰি আহিছে। এই যুৱ-সন্মিলন তাৰ এক উজ্জ্বল উদাহৰণ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱ বাণীৰ আলোচক ৰিংকু ৰিদীপ দত্ত, জাঁজী আঞ্চলিক ছাত্ৰ সন্থাই বিষয়ববীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দেৱযানী দীক্ষিতা গগৈ আৰু দিলীপ শইকীয়া, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ সদস্যা মীৰা বৰুৱা, আমগুৰি শাখা সাহিত্য সভা, গেলেকী নপুখুৰী শাখা সাহিত্য সভা, দিখৌমুখ শাখা সাহিত্য সভা, নামতি শাখা সাহিত্য সভাৰ বিষয়ববীয়া, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ শিক্ষক গোট, সাহিত্য চৰাৰ সদস্য-সদস্যাই উপস্থিতিত অনুষ্ঠিত হোৱা সন্মিলনখনত আদৰণি ভাষণ প্ৰদান কৰে যুৱ সংসদ উপসমিতিৰ কার্যকৰী সভাপতি জীৱমণি নাথে। অসম সাহিত্য সভাৰ যুৱ সংসদ উপসমিতিৰ আহ্বায়ক গৌতম গগৈ, উপসমিতিৰ সদস্য ক্ৰমে অনিতা গগৈ, ডঃ অচ্যুত গগৈ, মিণ্টু দাস, মনোৰঞ্জন টায়ে, জাঁজী প্ৰেছ ক্লাব, গৌৰীসাগৰ প্ৰেছ ক্লাব, আমগুৰি প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে সহযোগিতা আগবঢ়োৱা সভাখনত প্ৰতিগৰাকী অংশগ্ৰহণকাৰী যুৱ প্ৰতিনিধিক একোখনকৈ স্নেহপত্ৰৰে আদৰণী জনোৱা হয়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সফল সমাপ্তি ঘটে।।