আলাস্কাত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ সাৰমৰ্ম মোদীক জনালে পুটিনে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আলাস্কাত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে হোৱা বৈঠকৰ সাৰমৰ্ম টেলিফোনযোগে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক অৱগত কৰিলে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই ফোন কৰি প্রধানমন্ত্রী মোদীক ইউক্রেইনৰ যুদ্ধক লৈ ট্রাম্পৰ সৈতে কি আলোচনা হৈছিল সেই বিষয়ে অৱগত কৰে বুলি প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছে। মাই ফ্রেণ্ড ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইনক লৈ ট্রাম্পৰ সৈতে কি আলোচনা কৰিছে সেয়া অৱগত কৰাৰ বাবে তেওঁক ধন্যবাদ জনাইছে বুলিও সামাজিক মাধ্যমযোগে জনাইছে। উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰীত ইউক্রেইনৰ ওপৰত ৰাছিয়াই আক্রমণ কৰাৰ পিছতে প্রধানমন্ত্রী মোদীয়ে ৰুছ-ইউক্রেইনৰ সংঘাতক অৱসান ঘটোৱাৰ বাবে শান্তি আলোচনাৰ প্ৰাসংগিকতাক দোহাৰি আহিছে। এই টেলিফোনিক বাৰ্তালাপতো পুটিনৰ সৈতে ভাৰতৰ একেই স্থিতিৰ প্ৰসংগ উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে। ইউক্রেইন-ৰাছিয়াৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ বাবে লোৱা প্রচেষ্টাক ভাৰতে সমৰ্থন কৰি যাব বুলিও কয় প্রধানমন্ত্রী মোদীয়ে।