পৃথুৰ নামেৰে নামকৰণ কৰা হ’ব নুনমাটি-দীঘলীপুখুৰী উৰণ সেতুখন 

পৃথুৰ নামেৰে নামকৰণ কৰা হ’ব নুনমাটি-দীঘলীপুখুৰী উৰণ সেতুখন 

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ নৃপতি পৃথুৰ নামেৰে নামকৰণ কৰা হ’ব নির্মীয়মাণ নুনমাটি-দীঘলীপুখুৰী উৰণ সেতুখন।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে এই সন্দৰ্ভত কয় যে কামৰূপৰ নৃপতি পৃথুৰ গৌৰৱগাথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত ভাস্কৰ হৈ আছে। নালন্দা বিশ্ববিদ্যালয় ধ্বংসকাৰী বখতিয়াৰ শিলজীৰ মহাৰাজ পৃথুৱে পতন ঘটাইছিল। তাৰ পাছতেই বিভিন্ন প্রদেশ নিৰন্তৰভাৱে জয়ী হৈ অহা মুছলমানৰ আক্ৰমণ কামৰূপত অন্ত পৰিছিল। প্ৰাচীন কামৰূপত ১২০৬ খ্রীষ্টাব্দত কামৰূপ ৰাজ পৃথুৰ হাতত প্রবল প্রতাপী বখতিয়াৰ খিলজীৰ পতনে অসম তথা ভাৰতৰ বুৰঞ্জীক চহকী কৰিছিল। কামৰূপ নৃপতি ভগদত্তৰ নামেৰে গুৱাহাটীৰ এখন উৰণ সেতু নামাংকিত কৰাৰ পাছত নুনমাটি-দীঘলীপুখুৰী উৰণ সেতুখন বিখ্যাত কামৰূপ নৃপতি পৃথুৰ নামেৰে নামাংকিত কৰিবলৈ ওলাইছোঁ। এয়া তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ এটি মাত্ৰ সৰু চানেকি।