টাৱাঙত ১৪ হাজাৰ ফুট উচ্চতাত সম্পন্ন ঐতিহাসিক ত্ৰিৰংগা যাত্ৰা
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত-চীন সীমান্তৰ তথা সাগৰপৃষ্ঠৰ পৰা ১৪,০০০ ফুট উচ্চতাত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে চুনাৰ আগবাৰ্তি অঞ্চলত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীৰে উদযাপন কৰে দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱস। ভাৰতীয় সেনাই গুৰি ধৰা এই কাৰ্যসূচী সফল কৰি তুলিবলৈ টাৱাং জিলাৰ সহ আয়ুক্ত থুটান ৱাংচুৰ নেতৃত্বত প্রশাসনে স্থানীয় জনতাক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ইফালে সাৰনাথ, বাৰাণসীস্থিত কেন্দ্রীয় উচ্চ তিব্বতী অধ্যয়ন প্ৰতিষ্ঠানৰ ২৩গৰাকী ছাত্ৰ-ছাত্ৰী আৰু এজন শিক্ষকেও নিজৰ দেশপ্রেমক অনুভৱ কৰিবলৈ এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছিল। এই ত্ৰিৰংগা যাত্ৰাৰ সামৰণিৰ পিছত আটাইকেইটা সংস্থাই সমবেত হৈ ‘‘ন’ প্লাষ্টিক জ’ন’’ শীৰ্ষক চাফাই অভিযান চলায় ৷ আৱর্জনাবোৰ আঁতৰাই হিমালয়ৰ সূক্ষ্ম পৰিৱেশ প্ৰণালীৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি পুনৰবাৰৰ বাবে দৃঢ় কৰি তোলে সংস্থাসমূহে ৷ উল্লেখ্য যে এটা অভিনৱ প্ৰচেষ্টাৰ অংশ হিচাপে ১৬০ গোর্খা সেনা আৰু সংলগ্ন সেনা, লগতে ২৫ ইঞ্জে তিব্বতীয়ান জোৱানে ১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা’ সেউজীয়া হিমালয়ৰ ঘাঁহনি অঞ্চলৰ মাজেৰে লৈ যায়। এই ৰাষ্ট্ৰীয় পতাকা স্থানীয় প্রায় ১৫০ গাঁওবাসী, যত সৰু ল’ৰা-ছোৱালী আৰু শিশুসকলেও মাগো আৰু চুনাৰ গ্ৰীণফিল্ড গাঁৱৰ পৰা কান্ধত কান্ধত মিলাই কঢ়িয়াই নিয়ে।
পাহাৰৰ শিখৰসমূহত সদম্ভে সগৌৰৱে উৰি থকা ৰাষ্ট্ৰীয় পতাকা এক শক্তিশালী প্রতীকত পৰিণত হয়, যি যাত্রাত অংশগ্রহণ কৰে সীমা সুৰক্ষাৰ দায়িত্বত থকা সেনাসকল, পৰম্পৰা সংৰক্ষণ কৰা গাঁওবাসী আৰু চৰকাৰী উন্নয়নৰ হিতাধিকাৰী-প্রশাসক সকলোৱে। এই যাত্ৰাৰ দ্বাৰা সকলোলৈকে এই বার্তা প্ৰেৰণ কৰা হয় যে ‘আজাদী কা অমৃত মহোৎসব’ কেবল এটা উৎসবে নহয়, ই মনত পেলাই যে ৰাষ্ট্ৰৰ ভৱিষ্যৎ প্ৰতিগৰাকী নাগৰিকৰ কান্ধত নিৰ্ভৰশীল। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খান্ডুৱে এই প্রচেষ্টাৰ প্ৰশংসা কৰি ইয়াক ‘ভাৰতৰ সঠিক আত্মা ইয়াৰ শিখৰত’ বুলি বৰ্ণনা কৰে। মাগো আৰু চুনা গাঁৱৰ প্ৰতিখন ঘৰতে জাতীয় পতাকা উত্তোলন কৰা হয়, যি স্বাধীনতা, গৌৰৱ আৰু পৰিৱেশগত দায়িত্ববোধৰ এক সামূহিক উৎসৱ হৈ পৰে।