ভাৰতৰ স্বাধীনতা আন্দোলন আৰু জাতীয়তাবাদৰ বিকাশ – ময়ূৰী বৰগোহাঁই

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু জাতীয়তাবাদৰ বিকাশ

ময়ূৰী বৰগোহাঁই,দশম শ্ৰেণী
জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়
শিৱসাগৰ

“Freedom is not worth having if it does not include the freedom to make mistakes”
~ Mahatma Gandhi

ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস কেৱল ৰাজনৈতিক মুক্তিৰ কাহিনী নহয়; ই এক বহুমাত্রিক সামাজিক, সাংস্কৃতিক আৰু নৈতিক পুনৰুত্থানৰ যাত্ৰা । ১৭৫৭ চনৰ পলাশী যুদ্ধৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক প্ৰভাৱ ধীৰে ধীৰে ৰাজনৈতিক দমনলৈ পৰিণত হয় । অৰ্থনৈতিক শোষণ, সামাজিক বৈষম্য আৰু সাংস্কৃতিক হীনমান্যতাই সমাজ ব্যৱস্থাক অস্থিৰ কৰি তোলে । এই দমন-নীতিৰ মাজতেই জন্ম লয় এক নৱ শক্তি—জাতীয়তাবাদ, যিয়ে বিভক্ত সমাজক একতাৰ সুতাৰে গাঁথি স্বাধীনতাৰ মঞ্চলৈ আগবঢ়াই নিয়া আৰম্ভ কৰে । ১৭৫৭ চনৰ পলাশীৰ যুদ্ধৰ সেই শোকগাথা পৰা ১৯৪৭ চনৰ ১৫ আগষ্টৰ বিজয়ৰ সূৰ্যোদয়লৈকে—এই যাত্ৰা আছিল প্ৰতিবাদৰ, একতাৰ, আৰু আত্মমৰ্যাদাৰ জয়যাত্ৰা ।

দাদাভাই নৌৰোজীয়ে লিখিছিল—“The British rule has sucked the life-blood of India, leaving her famished and helpless.”ইংৰাজ শাসনৰ প্ৰাৰম্ভিক দিনত দেশবাসী অৰ্থনৈতিক সংকটত জড় হৈ পৰে । যাৰ সন্দৰ্ভত দাদাভাই নৌৰোজীয়ে নিজৰ Poverty and Un-British Rule in India গ্ৰন্থত “Drain of Wealth” তত্ত্বৰ মাধ্যমেৰে ইংৰাজ নীতিৰ সৰ্বনাশী প্ৰভাৱ প্ৰকাশ কৰিছিল । ৰেলপথ, টেলিগ্ৰাফ আৰু মুদ্রণযন্ত্ৰৰ প্ৰসাৰে যদিওবা প্রযুক্তিগত উন্নয়ন সাধন কৰিলে, ইংৰাজে এই প্ৰযুক্তিৰ ব্যৱহাৰ মূলত উপনিবেশিক স্বাৰ্থ সাধনৰ ক্ষেত্ৰত ব্যৱহাৰৰ প্ৰতিহে অধিক গুৰুত্ব প্ৰদান কৰিলে । কৃষকৰ ওপৰত অত্যাধিক ভূমি ৰাজহ, স্বদেশী শিল্প-উদ্যোগলৈ আহি পৰা বিপৰ্যয় আৰু কৰনীতিৰ কঠোৰতাই দেশৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনক শূন্য পৰ্যায়লৈ গতি কৰিলে । বাণিজ্য আৰু প্ৰশাসনৰ ক্ষেত্ৰত পশ্চিমীয়া সংস্কৃতিৰ প্ৰৱেশ ঘটিল ঠিকেই, কিন্তু স্থানীয় উদ্যোগ, বস্ত্ৰশিল্প, আৰু কৃষি উৎপাদন আদি সকলো নিঃশেষৰ পথলৈ ধাবিত হ’ল ।

এনে এক সময়তে উপনিবেশবাদৰ আঁচলতে এক নতুন বৌদ্ধিক যুগৰ বীজ ৰোপণ হৈছিল । ৰাজা ৰামমোহন ৰায়ৰ সতীদাহ প্ৰথাৰ উচ্ছেদ আৰু আধুনিক শিক্ষাৰ প্ৰচাৰৰ মাধ্যমেৰে এক নতুন চিন্তাধাৰাৰ বীজ ৰোপণ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বিধবা পুনৰবিবাহৰ পক্ষে গঢ়ি তোলা সমাজ সংস্কাৰ, দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ, শিৱনাথ শাস্ত্ৰীৰ সমাজ সংস্কাৰ আন্দোলন—এই সকলোবোৰে আধুনিক শিক্ষা, বিজ্ঞানমনস্ক চিন্তা আৰু সমাজ সংস্কাৰৰ মাধ্যমেৰে এক নৱজাগৰণৰ সৃষ্টি কৰিলে ।

ছপাশালৰ মাধ্যমেৰে সংবাদপত্র, পুস্তক আৰু আলোচনাৰ বিস্তাৰে জনচেতনাক নতুন দিশে ধাৱমান কৰালে । বেংগল গ্ৰেজেটৰ পৰা অমৃত বাজাৰ পত্ৰিকালৈকে—এই সংবাদপত্রসমূহে
উপনিবেশবাদৰ বিৰুদ্ধে যুক্তি, তথ্য আৰু জনমত গঢ়ি তুলিলে ।

১৮৫৭ চনৰ বিদ্ৰোহ (চিপাহী বিদ্ৰোহ) ভাৰতীয় ইতিহাসৰ প্ৰথমটো স্বাধীনতা সংগ্রাম হিচাপে পৰিগণিত । ১৮৫৭ চনৰ এই মহাবিদ্ৰোহ আছিল ইংৰাজে কেইবা দশক ধৰি ভাৰতবাসীৰ ওপৰত কৰা শোষণৰ ফলশ্ৰুতিত উদ্ভৱ হোৱা সামৰিক অসন্তোষ, ধৰ্মীয় সংবেদনশীলতা আৰু ৰাজনৈতিক দমননীতিৰ এক স্বত:স্ফূৰ্ত বহিঃপ্ৰকাশ । সেই সময়ত মঙ্গল পাণ্ডেৰ বিদ্ৰোহ, ৰাণী লক্ষ্মীবাইৰ বীৰত্ব আৰু বেগম হজৰত মহলৰ দূৰদর্শিতা—এই সকলোবোৰে প্ৰমাণ কৰিছিল যে ভাৰতীয়ৰ মনত দাসত্বৰ শিকলি চিঙিব পৰা আগুন ইতিমধ্যে জ্বলি উঠিছে । যদিওবা এই বিদ্ৰোহ সামৰিকভাৱে বিফল হ’ল, তথাপি ইতিহাসবিদ ভি. ডি. সৱাৰকাৰে ইয়াক “First War of Indian Independence” বুলি অভিহিত কৰিছিল ।

১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মই ভাৰতীয় স্বাধীনতা আন্দোলনক এক সংগঠিত ৰূপ দিবলৈ সক্ষম হয় । Moderates (দাদাভাই নৌৰোজী, গোপালকৃষ্ণ গোখলে) আৰু Extremists (বাল গঙ্গাধৰ তিলক, বিপিনচন্দ্ৰ পাল, লালা লাজপত ৰায়)ৰ দ্বৈত ধাৰাই আন্দোলনক বৌদ্ধিক আৰু গণসংগ্ৰামী দুয়ো পথেৰে আগুৱাই নিলে ।

১৯০৫ চনৰ বংগ-বিভাজনৰ বিৰুদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনে দেশীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু বিদেশী সামগ্ৰী বয়কটৰ আহ্বান জনাই অৰ্থনীতিৰ লগতে জাতীয় চেতনাকো জাগ্ৰত কৰিলে । বাল গঙ্গাধৰ তিলকৰ “স্বৰাজ মোৰ জন্মসিদ্ধ অধিকাৰ”— শ্লোগান জনচেতনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল ।

১৯১৫ চনত মহাত্মা গান্ধীৰ প্ৰৱেশে স্বাধীনতা আন্দোলনক সত্যাগ্ৰহ আৰু অহিংস নীতিৰে এক নতুন মাত্ৰা প্ৰদান কৰিলে ।
অসহযোগ আন্দোলন (১৯২০–২২)
আইন অমান্য আন্দোলন (১৯৩০-৩৪)
ভাৰত ত্যাগ আন্দোলন (১৯৪২)
এই আন্দোলনসমূহে লাখ লাখ সাধাৰণ নাগৰিকক আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে সংপৃক্ত কৰিলে । গান্ধীৰ অহিংসা নীতি কেৱল ভাৰতবৰ্ষতে নহয়, নেলছন মণ্ডেলা আৰু মার্টিন লুথাৰ কিং জুনিয়ৰৰ দৰে বিশ্বনেতাসকলকো প্ৰভাৱিত কৰালে ।

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাও আছিল অপৰিসীম । গোপীনাথ বৰদলৈৰ ৰাজনৈতিক দূৰদৰ্শিতা, অনন্ত লক্ষ্মণ শর্মাৰ বীৰত্ব, পুষ্পলতা দাসৰ নাৰীবাদী সংগ্ৰাম, কমলা মৰাণৰ আত্মত্যাগ আদিয়ে আন্দোলনৰ বুনিয়াদ শক্তিশালী কৰিলে আৰু জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি মনিষীসকলে সাহিত্য-সংগীতৰ মাধ্যমেৰে জাতীয়তাবাদৰ বাণী গ্ৰামাঞ্চললৈ প্ৰসাৰিত কৰালে।

ভাৰতীয় জাতীয়তাবাদৰ বিকাশৰ বিশেষত্ব আছিল বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু আন্তৰাষ্ট্ৰীয় প্ৰভাৱ । ইতিহাসবিদ আৰ. চি. মজুমদাৰৰ ভাষাত, “Indian nationalism was both a product of Western political thought and a revival of indigenous pride ।” প্ৰায় দুশ বছৰীয়া ত্যাগ, ঐক্য আৰু নৈতিকতাৰ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে । জৱাহৰলাল নেহৰুৰ “Tryst with Destiny” ভাষণৰ সৈতে এক নতুন যাত্ৰা আৰম্ভ হয় । তেওঁ কৈছিল—“At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom.”।

১৯৪৭ চনৰ ১৫ আগষ্ট—শতাব্দীৰ আধাৰ বিদীর্ণ কৰি উদিত হৈছিল স্বাধীনতাৰ ৰঙা সূৰ্য । কিন্তু এই সূৰ্যৰ ৰঙ উদ্ভাসিত হৈছিল লক্ষ বিপ্লৱীৰ ৰক্তেৰে, যাৰ ওপৰত শপথ লৈ গঢ়ি উঠিছিল এক নতুন গণতান্ত্ৰিক ভাৰত । স্বাধীনতা কেৱল ৰাজনৈতিক মুক্তিৰ অৰ্থত সীমাবদ্ধ নহয়; ই আত্মমৰ্যাদাৰ পুনৰুজ্জীৱন, সত্যৰ বিজয় আৰু বৈচিত্ৰ্যময় সংস্কৃতিত ঐক্যৰ মহাগাথা । যি দীপ্ত অধ্যায়ে আমাক বুজাই গ’ল যে—যেতিয়া এটা জাতি একত্ৰিত হয়, তেতিয়া কোনো বহিৰাগত শক্তিয়েই চিৰস্থায়ী নহয় ।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু জাতীয়তাবাদৰ বিকাশ হৈছে ত্যাগ, ঐক্য আৰু নৈতিকতাৰ এক অমলিন কাহিনী । “সত্য, ন্যায় আৰু একতাৰ ওপৰত আধাৰিত সংগ্রামে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শক্তিকো নত কৰিব পাৰে”— এই পাঠেই ভাৰতীয় স্বাধীনতা আন্দোলনৰ চিৰন্তন প্ৰেৰণা । আজিৰ দিনত স্বাধীনতাৰ অৰ্থ হৈছে ন্যায়ক সুদৃঢ় কৰা, শান্তিক সুৰক্ষিত কৰা আৰু আগন্তুক প্ৰজন্মৰ হৃদয়ত একতাৰ জ্যোতি জ্বলাই ৰখা যাতে স্বাধীনতাৰ এই প্ৰভাত যেন অনন্তকাললৈ বিচ্ছুৰিত হৈ থাকে ।

ভাৰত — এয়া কেৱল এক ভূখণ্ডৰ নাম নহয়; ই এক সজীৱ আত্মা, যাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে শতাব্দীৰ ত্যাগৰ ৰক্তধাৰা, যাৰ হিয়াত স্পন্দিত হৈ আছে বৈচিত্র্যত ঐক্যৰ অনন্ত সুৰ । এই দেশৰ মাটিত শুই আছে সেই সকল বিপ্লৱীৰ অস্থি-অৱশেষ, যিয়ে স্বাধীনতাৰ স্বপ্নৰ বিনিময়ত নিজৰ জীৱন অর্ঘ্য দিছিল ।

আজি বিশ্বায়নৰ যুগতো, স্বাধীনতাৰ এই ঐতিহাসিক অভিজ্ঞতাই আমাৰ দিশ নিৰ্দেশ কৰিব লাগিব । প্ৰত্যেকজন ভাৰতীয়ই শিক্ষা, বিজ্ঞান, ন্যায়, নৈতিকতা, শিল্প আৰু কৃষিত বিশ্বশ্ৰেষ্ঠ হোৱাৰ দৃঢ় সংকল্পেৰে আগবাঢ়ি যোৱাৰ লগতে নৱ চিন্তাৰ জ্যোতি সন্ধান কৰিবলৈ নিজকে প্ৰস্তুত কৰিব পাৰিব লাগিব আৰু গঢ়িব লাগিব এক শক্তিশালী, জ্ঞানসমৃদ্ধ আৰু সহিষ্ণু ভাৰত — য’ত শিশুৰ কঁহুৱাই অত্যুক্তি ঘোষণা নকৰে, কৃষকৰ ওপৰত ব্যংগ নহয়, বৰঞ্চ অভিবাদন জনোৱা হয় । এটি দীপ্ত স্বপ্নপথ, য’ত মনুষ্যত্ব হ’ব পূজাৰ অর্ঘ্য, ন্যায় হ’ব জাতিৰ মুলধন, আৰু শিক্ষা হ’ব প্ৰগতিৰ একমাত্র দিশ । এই সমাজত “আমি” হ’ব একতাবদ্ধ আত্মচেতনা আৰু “মই” হ’ব মাথোঁ এক বৰ্ণ । তেনে এক ভৱিষ্যৎ গঢ়াৰ দায়িত্ব আমাৰ, নতুন প্ৰজন্মৰ, যাৰ চিন্তাই হ’ব পৰিবর্তনৰ সূচনা ।