অসম সন্তান ভাৰ্গৱ কলিতালৈ শৌর্য চক্র সন্মান
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সন্তান মেজৰ ভাৰ্গৱ কলিতালৈ আগবঢ়োৱা হৈছে শৌর্য চক্র। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ অনুমোদনমর্মে মেজৰ ভার্গৱ কলিতালৈ এই সন্নম আগবঢ়োৱা হৈছে। পলাশবাৰী নিৱাসী তথা অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পুত্ৰ হৈছে ভাৰ্গৱ কলিতা। পুলৱামা, আৱন্তিপুৰ, বৰগাম, শ্রীনগৰ আদিৰ দৰে স্পৰ্শকাতৰ অঞ্চলত কেইবাটাও সন্ত্রাসবাদবিৰোধী অভিযানত নেতৃত্ব দি সাহসিকতাৰ পৰিচয় দিছে ভার্গৱে। দক্ষিণ কামৰূপৰ ৰামপুৰৰ প্রয়াত হৰি কলিতা আৰু প্ৰাক্তন শিক্ষয়িত্রী মালতি কলিতাৰ পুত্ৰ মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু ববী কলিতাৰ জ্যেষ্ঠ পুত্ৰ মেজৰ ভাৰ্গৱ কলিতা। সন্মুখৰ পৰা নেতৃত্ব দি এই সন্ত্রাসবাদবিৰোধী অভিযানত তেওঁ কেইবাজনো উগ্রপন্থীক গুলীয়াই হত্যা কৰিছে। কৰ্মস্থলীত দেখুওৱা এই পৰাক্ৰমৰ স্বীকৃতি স্বৰূপে তেওঁলৈ শৌর্য চক্ৰ আগবঢ়োৱা হৈছে। চলিত বর্ষত ১৬গৰাকীলৈ এই শৌর্য চক্র সন্মান আগবঢ়োৱা হৈছে।