নিচামুক্ত ভাৰত অভিযানৰ পঞ্চম বাৰ্ষিকী উদযাপন
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত আজি মহানগৰীৰ অমল প্ৰভা ভৱনত পঞ্চম নিচামুক্ত ভাৰত অভিযান উদযাপন কৰা হয়৷
এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই কয় যে ৰাষ্ট্ৰ গঠনত যুৱ শক্তিৰ ভূমিকা অপৰিসীম৷ সুস্থ যুৱ প্ৰজন্ম ৰাষ্ট্ৰৰ চালিকা শক্তি বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ লগতে কয় যে নিচামুক্তি ভাৰত অভিযানে যুৱ প্ৰজন্মৰ মাজত সচেতনতা বৃদ্ধি কৰিছে৷ নিচাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈ এখন সমৃদ্ধশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে সংকল্পব্ধ হ’বলৈ তেওঁ আহ্বান জনায়৷
অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ তথা প্ৰশিক্ষক ফাৰিহা জামানে কয় যে যিকোনো কৰ্মত উৎসাহিত মনোভাৱেৰে কাম কৰিবলৈ হ’লে সুস্থ মন আৰু সুস্থ দেহৰ প্ৰয়োজন৷ এটা সুস্থ জীৱন যাপন কৰিবলৈ হ’লে যিকোনো ধৰণৰ নিচাৰ পৰা যুৱ প্ৰজন্ম আতঁৰি থাকিব লাগিব বুলিও তেওঁ কয়৷ অনুষ্ঠানত ব্ৰহ্মকুমাৰী মেডিটেচনৰ পৰা ধ্যানৰ জৰিয়তে কিদৰে নিচাৰ পৰা মুক্ত হ’ব পৰা যায়,সেই সম্পৰ্কত আলোকপাত কৰে৷ মনোবিজ্ঞানী অলোকিতা বৰুৱাই নিচাৰ আসক্তিৰ পৰা মুক্তি লাভ আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে৷
নিচামুক্ত ভাৰত নিৰ্মাণৰ বাবে আজিৰ অনুষ্ঠানত প্ৰতিজ্ঞা পাঠ কৰোৱাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই৷ অনুষ্ঠানৰ আৰম্ভণিতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ যুটীয়া সচিব সুস্বপ্না কাকতিয়ে আদৰণি ভাষণ পাঠ কৰে৷ এই অনুষ্ঠানৰ লগত ৰজিতা খুৱাই ছাত্ৰ-ছাত্ৰী, স্বেচ্চাসেৱী সংগঠনৰ তৰফৰ পৰা সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে৷
এই অনুষ্ঠানত কেবাগৰাকী উচ্ছ পদস্থ বিষয়াৰ ওপৰি দিব্যাংগজন, জ্যেষ্ঠ নাগৰিক আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷