মৰিচিকাৰ আলোচায়া – ৰঞ্জন বৰ্মন

Pc Needpix.com

মৰিচিকাৰ আলোচায়া

 ৰঞ্জন বৰ্মন,লখিমপুৰ

বুঢ়া গৰুৰ দাঁতৰ ফাকেৰে সৰি পৰা
এন্ধাৰ নিশা এটিত
জাৰত জোপোকা মাৰি চোতালত বহি
আছিল এজনী কপৌ পোৱালী
পোৱালীটো তুলি আনি মোৰ বুকুত ল’লো
সদ্যজাত শিশুৰ দৰে কপৌজনী কুচিমুচি হৈ
সোমাই গল বুকুৰ আতললৈ
কপৌজনীয়ে মোৰ বুকুত সাজিলে
এখন বিশ্বাসৰ আলয়
গেৰ ধৰা ধানৰ গোন্ধত ওফন্দি উঠে নিলয়
প্রশান্তিৰ এচাটি বতাহত মই টোপনি গ’লোঁ
টোপনিত দেখিলো কপৌজনী ৰূপান্তৰিত হৈছে
এটি নিগনিলৈ
আৰু এফালৰ পৰা কুটিব ধৰিছে
মোৰ দেহৰ প্ৰতিটো সিৰা-উপসিৰা, কলিজা
সকলো দেখিও একো নেদিখিলোঁ
সকলো বুজিও একো নুবুজিলো
এতিয়া বুকুত এজাক অশান্ত ধুমুহা
দুচকুত মৰিচিকাৰ আলোচায়া