অসম চুক্তি ৰূপায়ণ নহ’ল, এন আৰ চি নহ’ল, বিপ্লৱ শৰ্মাৰ পৰামৰ্শ ৰূপায়ণ নহ’ল, জনকাতিকৰণো নহ’ল : বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই অসম জাতীয় পৰিষদৰ বক্তব্য

অসম চুক্তি ৰূপায়ণ নহ’ল, এন আৰ চি নহ’ল, বিপ্লৱ শৰ্মাৰ পৰামৰ্শ ৰূপায়ণ নহ’ল, জনকাতিকৰণো নহ’ল : বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই অসম জাতীয় পৰিষদৰ বক্তব্য
নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই’
ৰাজ্যত এতিয়া উদ্বেগজনক পৰিস্থিতি, গোষ্ঠীগত-সাম্প্ৰদায়িক হিংসাৰ বাবে উচটনি দিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই। – এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ । আজি এখন সংবাদ মেলৰ আয়োজন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যতলৈ সংকট নামি অহা কথাটো উপলব্ধি কৰি ডঃ শৰ্মাই অসমত বিভাজন, হিংসা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। দলৰ দুই মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য উপস্থিত থকা সংবাদ মেলখনত গগৈ আৰু ভূঞাই কয় যে যিসমূহ প্ৰতিশ্ৰুতি দি বিজেপি দল ক্ষমতালৈ আহিছিল, তাৰে কোনো এটা প্ৰতিশ্ৰুতিয়ে বিজেপি দলৰ চৰকাৰে পূৰণ কৰা নাই। কিন্তু সেই ব্যৰ্থতা ঢাকিবলৈ সমগ্ৰ জাতিটোকে বিভ্ৰান্ত কৰাৰ অপকৌশল প্ৰয়োগ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাতিটোৰ বিস্তৰ ক্ষতি কৰিছে।দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদ মেলখনত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়, “বৰ্তমান এক অস্থিৰ আৰু উদ্বেগজনক পৰিস্থিতি বিৰাজ কৰি আছে৷ এফালে চৰকাৰী তথা বনভূমি বেদখল কৰি থকা লোকক উচ্ছেদ, আনফালে অবৈধ নাগৰিক বহিষ্কৰণৰ ৰাজহুৱা দাবীৰ সমান্তৰালকৈ একাংশ ব্যক্তি-সংগঠনে নিজে বিদেশী খেদাৰ হুংকাৰ দিয়া – এইবোৰ বিষয়ে ৰাজ্যত এক অস্থিৰ বাতাবৰণ গঢ়ি তুলিছে ৷ তাৰ মাজতে ৰাজ্য চৰকাৰৰ মুৰব্বী তথা গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীজনে কিছুমান দায়িত্বহীন, উচটনিমূলক, সাম্প্ৰদায়িক, বিদ্বেষমূলক বক্তব্য প্ৰদান কৰি এফালে নিজে আইন ভঙ্গ কৰিছে; আৰু আনফালে আনকো হিংসাত্মক আচৰণৰ বাবে আওপকীয়াকৈ উদঙণি যোগাই আছে ৷ এনে পৰিস্থিতিত যিকোনো সময়তে ৰাজ্যত সাম্প্ৰদায়িক তথা গোষ্ঠীগত সংঘাত সৃষ্টি হ’ব পাৰে ৷ এইটো উদ্বেগজনক ৷”গগৈ আৰু ভূঞাই কয়, “চৰকাৰৰ উদ্যোগত/পৃষ্ঠপোষকতাত ৰাজ্যত এনে পৰিস্থিতি বিৰাজ কৰাৰ ফলত এফালে বাংলাদেশী বিতাৰণৰ প্ৰকৃত পথক লৈ বিভ্ৰান্তি বাঢ়িছে; আনহাতে জনস্বাৰ্থৰ সৈতে জড়িত বাকী সকলো বিষয় তল পৰিছে ৷ যেন এক উন্মাদপ্ৰায় অৱস্থা বিৰাজ কৰিছে ৰাজ্যত ৷ এই মুহূৰ্তত – নাগৰিকসকলৰ প্ৰয়োজন কি? বিজেপি দলে যিবোৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল, সেইবোৰ পূৰ্ণ কৰিছে নে? ৰাজ্যবাসী জনসাধাৰণ, কৃষক, বনুৱা, নিবনুৱা, চৰকাৰী কৰ্মচাৰী বা অন্য সকলো খণ্ডৰ লোকসকলৰ অধিকাৰ, প্ৰাপ্য আদায় হৈছে নে? বিদেশী সমস্যা সমাধান হ’বই লাগিব ৷ কাৰণ বিদেশী বহিষ্কাৰ অসমবাসী ৰাইজৰ দীর্ঘদিনীয়া দাবী; তাৰ বাবেই অসম অন্দোলন হৈছিল, ৮৫৫জন শ্বহীদ হৈছিল,সহস্ৰজন ঘুনীয়া হৈছিল৷ কিন্তু কেনেকৈ হব ? তাৰ সুনিৰ্দিষ্ট ব্যৱস্থা আছে ৷ অসম চুক্তিয়ে তেনে ব্যৱস্থাৰ দিক্-নিৰ্দেশনা দি গৈছে ৷ কিন্তু অসম চৰকাৰে সেই দিশত কাম নকৰি কিছুমান বিভ্ৰান্তিকৰ পন্থা অৱলম্বন কৰি সমগ্ৰ ব্যৱস্থাটোকে অবাটে লৈ গৈছে ৷ গতিকে এইটো স্পষ্ট যে বিজেপিৰ চৰকাৰে প্ৰকৃততে বিদেশী বহিষ্কৰণ বিচৰা নাই; বিদেশীৰ নামত ৰাজনীতিহে কৰি আছে ৷ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ জাতিটোক সংকটত পেলাই বিদেশী বহিষ্কৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই বিপথে পৰিচালিত কৰিছে ৷ উচ্ছেদিত লোকক বাংলাদেশী বুলি কৈ, তেনে লোকক আকৌ সাহায্য আৰু ক্ষতিপূৰণ দি পুনৰ সংস্থাপিত চৰকাৰৰ উদ্যোগত/পৃষ্ঠপোষকতাত ৰাজ্যত এনে পৰিস্থিতি বিৰাজ কৰাৰ ফলত এফালে বাংলাদেশী বিতাৰণৰ প্ৰকৃত পথক লৈ বিভ্ৰান্তি বাঢ়িছে; আনহাতে জনস্বাৰ্থৰ সৈতে জড়িত বাকী সকলো বিষয় তল পৰিছে ৷ যেন এক উন্মাদপ্ৰায় অৱস্থা বিৰাজ কৰিছে ৰাজ্যত ৷ এই মুহূৰ্তত – নাগৰিকসকলৰ প্ৰয়োজন কি? বিজেপি দলে যিবোৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল, সেইবোৰ পূৰ্ণ কৰিছে নে? ৰাজ্যবাসী জনসাধাৰণ, কৃষক, বনুৱা, নিবনুৱা, চৰকাৰী কৰ্মচাৰী বা অন্য সকলো খণ্ডৰ লোকসকলৰ অধিকাৰ, প্ৰাপ্য আদায় হৈছে নে? বিদেশী সমস্যা সমাধান হ’বই লাগিব ৷ কাৰণ বিদেশী বহিষ্কাৰ অসমবাসী ৰাইজৰ দীর্ঘদিনীয়া দাবী; তাৰ বাবেই অসম অন্দোলন হৈছিল, ৮৫৫জন শ্বহীদ হৈছিল,সহস্ৰজন ঘুনীয়া হৈছিল.৷ কিন্তু কেনেকৈ হব ? তাৰ সুনিৰ্দিষ্ট ব্যৱস্থা আছে ৷ অসম চুক্তিয়ে তেনে ব্যৱস্থাৰ দিক্-নিৰ্দেশনা দি গৈছে ৷ কিন্তু অসম চৰকাৰে সেই দিশত কাম নকৰি কিছুমান বিভ্ৰান্তিকৰ পন্থা অৱলম্বন কৰি সমগ্ৰ ব্যৱস্থাটোকে অবাটে লৈ গৈছে ৷ গতিকে এইটো স্পষ্ট যে বিজেপিৰ চৰকাৰে প্ৰকৃততে বিদেশী বহিষ্কৰণ বিচৰা নাই; বিদেশীৰ নামত ৰাজনীতিহে কৰি আছে ৷ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ জাতিটোক সংকটত পেলাই বিদেশী বহিষ্কৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই বিপথে পৰিচালিত কৰিছে ৷ উচ্ছেদিত লোকক বাংলাদেশী বুলি কৈ, তেনে লোকক আকৌ সাহায্য আৰু ক্ষতিপূৰণ দি পুনৰ সংস্থাপিত কৰিছে ৷ আনহাতে শেহতীয়াভাৱে নতুনকৈ উচ্ছেদ কৰাসকলক এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াই দি ৰাজ্যত অঘৰী লোক সৃষ্টিৰে নতুন সমস্যাৰ উদ্ভাৱন কৰিছে ৷ পুশ্ব বেক’ কৰিম বুলি আদালতৰ দ্বাৰা বিদেশী ঘোষিত লোকক সীমান্তলৈ লৈ গৈ, বাংলাদেশলৈ খেদি দিয়াৰ নাটক কৰি, কেইঘন্টামানৰ মুৰত পুনৰ উভতাই আনি ঘৰা-ঘৰি থৈ আহিলগৈ ৷ অথচ বাংলাদেশৰ সৈতে নাগৰিক প্ৰত্যাৰ্পন চুক্তি সম্পাদনৰ ব্যৱস্থা হাতত লোৱা নাই ৷ বিপৰীতে নাগৰিকত্ব সংশোধনী আইন ( কা’ ) প্ৰয়োগ কৰি অবৈধ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ মুকলি কৰিলে ৷ শেহতীয়াকৈ বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন হিন্দু বাংলাদেশীৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ বিদেশীপ্ৰীতি আৰু ভোট বেংকৰ ৰাজনীতি উদঙাই দিলে ৷কৰিছে ৷ আনহাতে শেহতীয়াভাৱে নতুনকৈ উচ্ছেদ কৰাসকলক এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াই দি ৰাজ্যত অঘৰী লোক সৃষ্টিৰে নতুন সমস্যাৰ উদ্ভাৱন কৰিছে ৷পুশ্ব বেক’ কৰিম বুলি আদালতৰ দ্বাৰা বিদেশী ঘোষিত লোকক সীমান্তলৈ লৈ গৈ, বাংলাদেশলৈ খেদি দিয়াৰ নাটক কৰি, কেইঘন্টামানৰ মুৰত পুনৰ উভতাই আনি ঘৰা-ঘৰি থৈ আহিলগৈ ৷ অথচ বাংলাদেশৰ সৈতে নাগৰিক প্ৰত্যাৰ্পন চুক্তি সম্পাদনৰ ব্যৱস্থা হাতত লোৱা নাই ৷ বিপৰীতে নাগৰিকত্ব সংশোধনী আইন ( কা’ ) প্ৰয়োগ কৰি অবৈধ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ মুকলি কৰিলে ৷ শেহতীয়াকৈ বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন হিন্দু বাংলাদেশীৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ বিদেশীপ্ৰীতি আৰু ভোট বেংকৰ ৰাজনীতি উদঙাই দিলে ৷” যোৱা ২৩ জুলাইৰ দিনা ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পাছত অসমত ১ কোটিতকৈ বেছি অবৈধ নাগৰিক আছে বুলি কোৱা কথাটো উনুকিয়াই গগৈ আৰু ভূঞাই কয়,”প্ৰশ্ন হ’ল, জাতি-মেটি-ভেটি সুৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ অহাৰ ১০ বছৰৰ মূৰত অবৈধ নাগৰিকৰ সংখ্যা ১ কোটিলৈ বাঢ়িল কেনেকৈ ? বিজেপিৰ ১০ বছৰীয়া শাসনৰ মুৰত অসমীয়া জাতি সংখ্যালঘু হোৱাৰ যি ছবি মুখ্যমন্ত্ৰীয়ে দেখিছে, তাৰ বাবে দায়ী কোন ? বিগত ১০ বছৰত বিজেপিৰ চৰকাৰে কি কৰিলে ? জাতি সংকটত পৰাৰ সকলো পথ দেখোন বিজেপিৰ চৰকাৰেই মুকলি কৰিলে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে জাতিৰ বৰঘৰত বিদেশী সোমালে ৰাইজে আন্দোলন কৰিবই ৷ ভিগত প্ৰায় ১০ বছৰত ৰাজ্যত বিজেপিৰ চৰকাৰ ৷ জাতিৰ বৰঘৰত বিদেশী সোমাবলৈ পালে কেনেকৈ? কা’ৰ জৰিয়তে জাতিৰ বৰঘৰত বিদেশীক সোমোওৱাৰ কাম কৰিলে ? ডঃ হিমন্ত বিশ্ব শৰ্মাই কিঞ্চিত পৰিমাণেও যদি অসমীয়া জাতিক ভাল পায়, তেনেহ’লে তেওঁ এইকেইটা কাম কৰক : ১) অসম চুক্তিৰ ৫নং দফাটো আখৰে আখৰে ৰূপায়ন কৰি, বিদেশী চিনাক্ত কৰাৰ কাম আন্তৰিকতাৰে সম্পাদন কৰক ৷ চিনাক্ত হোৱা বিদেশীক বহি্‌ষ্কাৰৰ বাবে বাংলাদেশৰ সৈতে চুক্তি সম্পাদন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়ক ৷ এইটো বৰ টান কাম নহ’ব; কাৰণ ডাবল ইঞ্জিন চৰকাৰ চলি আছে, ‘বিশ্বগুৰু’ প্ৰধানমন্ত্ৰী হৈ আছে৷ ২) ডঃ হিমন্ত বিশ্ব শৰ্মা বিগত ২৫ বছৰে ধাৰাবাহিকভাৱে ক্ষমতাত আছে ৷ দীৰ্ঘদিন অসম চুক্তি ৰূপায়ন বিভাগৰো মন্ত্ৰী আছিল ৷ বিগত ৪ বছৰ ৩ মাঘ তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৷ অথচ, বিগত জুন ২০২৫লৈ মাত্ৰ ৩৩০জন বাংলাদেশীক বহিষ্কাৰ কৰা বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে ৷ সীমান্ত আজিও উন্মুক্ত৷ মানুহ আহি আছে, চৰকাৰৰ পৃষ্ঠপোষকতাত চোৰাং গৰু বাংলাদেশলৈ গৈয়ে আছে ৷ সীমান্ত সুৰক্ষিত কৰক ৷ মানুহ অহাৰ বাট বন্ধ কৰক, গৰুৰ চোৰাং বেহা বন্ধ কৰক ৷ ৩) ১৬০০ কোটিতকৈ অধিক টকা ৰাইজৰ ধন খৰচ কৰি প্ৰস্তুত কৰা এন আৰ চিখন যোৱা ৫ বছৰ ধৰি কিয় পেলাই থৈছে তাৰ উত্তৰ দিয়ক ৷ লগতে এন আৰ চিৰ জৰিয়তে বিদেশী চিনাক্তকৰণৰ অৱশিষ্ঠ কামখিনি শীঘ্ৰে সমাপ্ত কৰিবলৈ কেন্দ্ৰক হেঁচা দিয়ক। ৪) অসমীয়া জাতিৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনত সাংবিধানিক ৰক্ষাকৱচ নিশ্চিত কৰাৰ অৰ্থে, অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ৷ তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ ( অৱ ) বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ স্তৰীয় সমিতিৰ প্ৰতিবেদনখনক চৰকাৰে নিৰস্ত্ৰ কৰি ৰাখিলে – তাৰ উত্তৰ দিয়ক৷ তাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় যুটীয়া গৃহ সচিব শ্ৰী সত্যেন্দ্ৰ গাৰ্গে কিয় চহী নকৰিলে, সেইটো স্পষ্ট কৰক ৷ ন্যায়াধীশ ( অৱ ) বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপয়ান কৰক ৷ অসমীয়া জাতিৰ বাবে সাংবিধানিক ৰক্ষাকৱচ নিশ্চিত কৰক ৷ ৫) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ অনুসৰি, অসমৰ বাবে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰক ৷৬) ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম শীঘ্ৰে সম্পাদন কৰক ৷”