ডিম্বেশ্বৰ নেওগৰ ১২৬ সংখ্যক জন্ম দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সাহিত্যৰ এগৰাকী যুগজয়ী সাহিত্যিক, কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ নেওগৰ ১২৬ সংখ্যক জন্মদিনটো ৭ আগষ্টত ভঙাগড়স্থিত ইন্দ্ৰধনু এপাৰ্টমেণ্ট প্ৰাঙ্গণত উদযাপন কৰা হয় । “ডিম্বেশ্বৰ নেওগ আজলীতৰা নেওগ সোঁৱৰণী সৌৰভ সমিতি”ৰ উদ্যোগত বিয়লি ৫:৩০ বজাৰ পৰা আয়োজিত জন্ম দিৱস অনুষ্ঠানৰ আৰম্ভণিতে নেওগৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে নেওগৰ জীয়ৰী জীৱন মাধুৰী নেওগ বৰাই। বিশিষ্ট লেখক তথা ডিম্বেশ্বৰ নেওগ আজলীতৰা নেওগ সোঁৱৰণী সৌৰভ সমিতিৰ সভাপতি থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা অপৰাজিতা লহকৰে । জন্ম দিৱস উপলক্ষে আয়োজিত সভাত বক্তব্য প্ৰদান কৰি বিজয় শঙ্কৰ শৰ্মাই নেওগে অসমীয়া জাতি আৰু সমাজৰ বাবে আগবঢ়াই যোৱা বৰঙণিৰ বিষয়ে অৱলোকণ কৰে । স্মৃতি বৰদলৈ হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নেওগে প্ৰদান কৰা অভিভাষণৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়ায়।ডাঃ ৰাজীৱ ভট্টাচাৰ্য্যই সাহিত্য আৰু ব্যক্তিত্বৰ বিভিন্ন দিশ অৱলোকন কৰাৰ লগতে ডিম্বেশ্বৰ নেওগে ৰচনা কৰা এটি গীত পৰিৱেশন কৰি উপস্থিত সকলক আপ্লুত কৰে। সভাপতি থানেশ্বৰ মালাকাৰে তেওঁৰ ভাষণত নেওগে”মৰে অসম জীয়ে কোন,জীয়ে অসম মৰে কোন” বাণীৰে অসমীয়া জাতিক সচেতন কৰি যোৱাৰ প্ৰসঙ্গৰ উল্লেখেৰে তেওঁৰ জাতীয় প্ৰেম আৰু জাতীয় কৰ্মৰাজিৰ বিষয়ে অৱলোকণ কৰে। গাম্ভীৰ্যপূৰ্ণ সভাখনত জীমণি চৌধুৰী, স্নিগ্ধমালতী নেওগ, মৰমী বৰদলৈ, শুভ্ৰ স্মৃতি দত্ত, স্মৃতি মাধুৰী নেওগ, আৰাধনা পটঙ্গীয়া গোস্বামী আদি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। সভাত অহা ১২ নৱেম্বৰ তাৰিখে নেওগৰ স্মৃতি দিৱসটো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়।