দিল্লীত প্ৰথমটো কৰ্তব্য ভৱন-৩ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ 

দিল্লীত প্ৰথমটো কৰ্তব্য ভৱন-৩ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- উমৈহতীয়া কেন্দ্রীয় সচিবালয়ৰ ১০টাৰ ভিতৰত প্ৰথমটো কৰ্তব্য ভৱন-৩ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰা এই কৰ্তব্য-৩ ভৱনটো ১.৫ লাখ বর্গমিটাৰ সাঙুৰি আছে। ভৱনটোত কেন্দ্রীয় গৃহ মন্ত্রালয়, বৈদেশিক মন্ত্রালয়, গ্রামোন্নয়ন, এমএছএমই, কর্মচাৰী বিভাগ, পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ, মুখ্য বৈজ্ঞানিক উপদেষ্টা (পিএছএ)ৰ কাৰ্যালয় থাকিব। একেখন ছাদৰ তলতে কেন্দ্ৰীয় মন্ত্রালয় আৰু বিভাগসমূহক সাঙুৰি ৰখাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া কেন্দ্রীয় সচিবালয় অট্টালিকাৰ পৰিকল্পনা কৰি নির্মাণ কৰি আছে। কেন্দ্ৰীয় গৃহ আৰু চহৰ পৰিক্ৰমা মন্ত্রালয়ে এই অট্টালিকাসমূহ নিৰ্মাণ কৰিছে। দেশৰ মন্ত্রালয় আৰু বিভাগসমূহক একেলগে ৰখাৰ বাবেই ১০টা অট্টালিকা নিৰ্মাণ কৰিব। এই প্ৰকল্পৰ প্রথমটো অট্টালিকা কর্তব্য ভৱন-৩ প্রধামন্ত্রী মোদীয়ে মুকলি কৰিলে। মন কৰিবলগীয়া যে কেন্দ্ৰীয় ভিষ্টা পুনৰ উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে উমৈহতীয়া কেন্দ্রীয় সচিবালয়ৰ নিৰ্মাণ চলি আছে। অহা বৰ্ষৰ এপ্রিল মাহৰ ভিতৰত উমৈহতীয়া কেন্দ্রীয় সচিবালয়ৰ অধিকাংশই নির্মাণ হৈ উঠিব। ২০২৬ৰ অক্টোবৰ মাহত প্রকল্পটোৰ নির্মাণ সম্পূর্ণ হৈ উঠিব।