জম্মু-কাশ্মীৰত দ’ খাৱৈত বাগৰি পৰিল চিআৰপিএফৰ বাহন

জম্মু-কাশ্মীৰত দ’ খাৱৈত বাগৰি পৰিল চিআৰপিএফৰ বাহন

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।  জম্মু-কাশ্মীৰৰ উধমপুৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ এখন গাড়ী খাৱৈত পৰি যোৱাৰ ফলত এই দুর্ঘটনা সংঘটিত হৈছে। এই দুর্ঘটনাত ৩ জন জোৱান শ্বহীদ হোৱাৰ লগতে ১৫ জন জোৱান আহত হৈছে। ঘটনাৰ পাছতে আহত জোৱানসকলক হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। লগতে ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰে। কাণ্ডৱা অঞ্চলৰ সমীপত সংঘটিত হৈছে এই মৰ্মান্তিক পথ দুৰ্ঘটনা। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীলৈ এম্বুলেন্স প্ৰেৰণ কৰা হয়। বাহনখন কেনেকৈ দ’ খাৱৈত বাগৰি পৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য জানিব পৰা যাব। ঘটনা সন্দৰ্ভত চি আৰ পি এফে জনাইছে যে, এই বাহনখন ১৮৭নং বেটেলিয়নৰ আছিল। আজি ৭ আগষ্টৰ পুৱা প্ৰায় ১০:৩০ বজাত জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই বাহনখন কাণ্ডৱাৰ পৰা বসন্ত গড়লৈ গৈ আছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।