বিভদ্ৰাৰ কথাৰে
চয়নিকা দাস
এইয়া মই নাৰী বিভদ্ৰাৰ কথা কৈছোঁ।
নাৰী বিভদ্ৰা।
তাই নাৰী
তেজ মঙহৰ এজনী সুন্দৰী নাৰী।
তাইও আছে নাৰীৰ দৰে আদৰ ,মৰম ,সন্মান ,শ্ৰ্দ্ধা
ভয় , লাজ সকলো ।
এৰা মই নাৰী বিভ্ৰ্দ্ৰাৰ কথা কৈছোঁ।
বিভদ্ৰা এগৰাকী মাতৃ আৰু পিতৃও
তাই এগৰাকী দায়ত্বশীল পিতৃ-মাতৃ।
কিন্তু
বিভদ্ৰাক কিয় সমাজে অনাদৰ কৰে
তাই পিন্ধা সাঁজযোৰ দাগী বুলি বাৰে বাৰে কিয় আঙুলিয়াই।
বিভদ্ৰাই পিন্ধা সাঁজযোৰ দিনে দিনে মলিয়ন বুলি দেখাই।
এৰা ,
পিছে তেনে দাগী,মলিয়ন ,লেতেৰা কপোৰৰ
চেকা দেখা এচামে বিভদ্ৰাৰ দেহাৰ সুযোগ বিচাৰে।
কিয় বিভদ্ৰাক নাৰী বুলি আদৰ নকৰে।
দেখিছোঁ,
আন্ধাৰ হোৱাৰ লগে লগে
তাই আপোন ঘৰখ্নৰ দুৱাৰ-খিৰিকি বন্ধ কৰে।
উদং হ’ব খোজা বুকুত এতিয়া তাই এটা সন্তান আছে
নিজৰ মৰমৰ সন্তান।
হয়
বিভদ্ৰাই ক’ব নোৱাৰে সেইসকল মানুহক
এযোৰ নতুন সাঁজ লাগে বুলি
বিচাৰে তাই এযোৰ নতুন সাঁজ গাত মেৰিয়াই ল’বলৈ।
তাই গাভৰু দেহত লিপিত খোৱাকৈ পিন্ধিবলৈ।
মানুহে নিদিয়ে কিয় বিভদ্ৰাক এযোৰঙীন সাঁজ।
বিভ্ৰদ্ৰাই তাই চিলাই মেছিনত
দিনটো নিয়ায়।
এৰা দেখিছোঁ মই
খঙত কি দৰে তাই ভৰিৰে জোৰকৈ আগকৈ পাছলৈ কৰে।
কিহৰ খঙত ,সমাজৰ
নে সমাজে বান্ধি দিয়া নিয়মৰ।
নতুন কাপোৰবোৰৰ চিলাই ভুল হয় বুলি কি দৰে
তাই আঙুলিকেইটাই বেজিটোৰ কাষে কাষে চিলাই থাকে।
তাই জানোঁ মনত নপৰে
তাহানিৰ সেই বাখুৰুৱা সময়বোৰ ।
কিয় তাই চিলাই মেছিন কিনিলে
তাইও জানোঁ মন নাযায়
এযোৰ ৰঙীল ফুট ফুটীয়া কাপোৰ পিন্ধিবলৈ।
এসময়ত তাই ৰঙা ৰং প্ৰিয় আছিল
এতিয়া তাই এসাজ হে কাপোৰ ।
সময়ৰ লগে লগে হেৰুৱাইছে তাই দেখা সীমাহীন সপোনবোৰ।
বিভদ্ৰাৰ কথাৰে ,,,।