ভূঁই ৰোৱা পর্ব
দুলুমণি দেৱী,মাকুম
আহাৰ শাওন মাহত সাধাৰণতে ভূঁই ৰোৱা পর্ব আৰম্ভ হয় ৷অসমীয়া মানুহৰ ঘৰত এই দুটা মাহত এটি ওখল মাখল পৰিবেশে বিৰাজ কৰে প্রধানত: যিসকল কৃষিজীৱি ৷ কঠীয়া সিঁচা পর্ব সম্পন্ন হোৱা ঠিক পাছৰে পৰা ভূঁই ৰোৱা পর্ব আৰম্ভ হোৱালৈকে এইসময়ছোৱাত নানা ধৰণৰ পৰিকল্পনাৰ মাজেৰে আগবাঢ়ে ,মাটিখিনি চাহ কৰি ,কত কি ধানৰ বীজ ৰোপন কৰা হ’ব ,সাৰ প্রয়োগ ব্যৱস্থা কেনে হব ইত্যাদি ৷ আজিকালি মাটিত ৰাসায়নিক সাৰ প্রয়োগ কৰি অধিক উৎপাদন বিচাৰে ,মাটি চাহ কৰিবলৈও টেক্টৰ ,পাৱাৰ টিলা লগায় ,৷ এতিয়া কথা হ’ল আগতে যি পৰম্পৰা দেখা গৈছিল সেয়া বর্তমান বহুতো দিশত পৰিবর্তন চকুত পৰে ৷
শাওন মাহটো আশাৰ মাহ ৷ বহুতো সপোন কৃষকে পুহি ৰাখে অন্তৰৰ নিভৃত কোণত ৷ শাওন মাহতে সেউজবুলীয়া হৈ পৰে পথাৰখন৷ৰোৱনিয়ে ৰুই যায় মুঠি মুঠি কঠীয়া৷
ভূঁই ৰোৱা পর্বটো যেতিয়া আৰম্ভ হয় কিছুমান নিয়ম নীতিৰ মাজেৰে সম্পন্ন হয় ৷ এই ভূঁই ৰোৱা কার্যটোক বহুতে গোছ দিয়া বুলিও কয় আৰু ঠাই বিশেষে নিয়মৰ তাৰতম্য চকুত পৰে ৷তথাপি সাধাৰণতে যিখিনি আমাৰ চকুত পৰে তাৰে ভিতৰত যেনে আগলতি কলপাতত তামোল পাণ ,ধুপ চাকি আদি আগবঢ়াই লৈহে গোছ দিয়া হয়৷ তদুপৰি কোনো কোনোৱে কলাকচু আৰু তৰাপুলিও কাষতে ৰুই দিয়ে তৰাগছৰ দৰে লহপহকৈ বাঢ়িবলৈ আৰু সাধাৰণতে ঘৰখনৰ বয়োজেষ্ঠ এজনে এমুঠি দুমুঠি কৈ তিনিমুঠি গোজি দি আৰম্ভ কৰে৷ তাৰ পাছত বাকী ৰুৱনিসকলে ৰুই যায় ৷ যিহেতু পথাৰখনত কঠীয়া ফেৰাবোৰ বোলাই থোৱা থাকে গতিকে ৰুৱনিয়ে এটা চুকৰ পৰা ৰুই যায় আৰু মাটিডৰা পর্যায়ক্রমে সম্পুর্ণ কৰে ৷
যিকি নহওঁক এই ভূঁই ৰুৱা পর্বটোৱে বহুজনৰ মাজত সম্প্রীতিৰ এনাজৰীডালো মজবুত কৰি ৰাখে ,৷ যিহেতু ভূঁই ৰোৱা দিনা ওচৰ চুবুৰীয়া গোট খায় ৷ ভাৱৰ আদান প্রদান ঘটে ৷ নখোৱা পর্ব ,ভূঁইৰোৱা ইত্যাদি উৎসৱৰ দ্বাৰা পাৰস্পৰিক মিলাপ্রীতি ,বহুগুণে কটকটীয়া হয়।