ৰোমাঞ্চকৰ পৰ্যায়ত ভাৰত-ইংলেণ্ড অন্তিমখন টেষ্ট

ৰোমাঞ্চকৰ পৰ্যায়ত ভাৰত-ইংলেণ্ড অন্তিমখন টেষ্ট

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে। জয়লাভৰ বাবে ৩৭৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে বৰষুণৰ বাবে খেল স্থগিত ৰখাৰ সময়ত ৬ উইকেটত ৩৩৯ ৰান সংগ্ৰহ কৰিছে। মেচখনত জয়লাভৰ বাবে এতিয়া ঘৰুৱা দলটোক  ৩৫ ৰানৰ প্ৰয়োজন। দ্বিতীয় ইনিংছ মুকলি কৰি ইংলেণ্ডে আৰম্ভণিতে জেক ক্ৰ’লি আৰু অ’লি প’পৰ উইকেট হেৰুৱালেও অ’পেনাৰ বেন ডাকেট, জ’ রুট আৰু হেৰী ব্রুকে দর্শনীয় বেটিঙেৰে দলৰ বিজয়ৰ আশা সজীৱ কৰি তোলে। ১০৬ ৰানতে তিনিটা উইকেট হেৰুওৱা ইংলেণ্ডে ৪টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩০১ ৰান। ইয়াৰ বাবে প্ৰশংসাৰ যোগ্য ৰুট আৰু ব্রুক। ডাকেটে ৫৪ ৰান কৰি প্ৰসিদ্ধ কৃষ্ণৰ বলত বিদায় লয় যদিও ৰুট আৰু ব্রুকে শতৰান অর্জন কৰে। ৰুটে ১৫২টা বল খেলি ১২টা চাৰিৰ সহায়ত ১০৫ ৰান কৰি প্ৰসিদ্ধ কৃষ্ণৰ বলত আউট হয়।হেৰী ব্রুকে ৰুটক সুন্দৰ সহযোগিতা আগবঢ়ায়। তেওঁ দ্রুত গতিত ৰান সংগ্ৰহ কৰি ৯৮টা বলত ১১১ ৰান কৰে। ব্রুকৰ ইনিংছটোত আছিল ২টা ছয় আৰু ১৪টা চাৰি। ব্রুকৰ উইকেট দখল কৰে আকাশদীপে।  বৰষুণৰ বাবে খেল স্থগিত ৰখাৰ সময়ত ইংলেণ্ডৰ জেমি স্মিথে ২ ৰান আৰু জেমি অ’ভাৰটনে কোনো ৰান নকৰাকৈ অপৰাজিত হৈ আছে। ভাৰতৰ টেষ্ট বলাৰ প্ৰসিদ্ধ কৃষ্ণই তিনিটা গুৰুত্বপূর্ণ উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ চিৰাজে দুটা আৰু আকাশদীপে এটা উইকেট দখল কৰিছে। কাইলৈ বাকী থকা অভাৰকেইটা খেলোৱা হ’ব। এই অৱস্থাত ইংলেণ্ডক বিজয়ৰ বাবে ৩৫ ৰান আৰু ভাৰতক প্রয়োজন চাৰিটা উইকেটৰ।