পত্নী-কন্যাই ছুপাৰি কিলাৰ লগাই প্ৰেমিকৰ সহযোগত হত্যা কৰিছিল উত্তম গগৈক

পত্নী-কন্যাই ছুপাৰি কিলাৰ লগাই প্ৰেমিকৰ সহযোগত হত্যা কৰিছিল উত্তম গগৈক

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ফাদিল হ’ল ডিব্ৰুগড় বৰবৰুৱাৰ উত্তম গগৈৰ হত্যাকাণ্ডৰ ৰহস্য। পৰকীয়া প্ৰেমৰ বাবেই শেষ হ’ল এখন সুখৰ সংসাৰ। পলকতে শেষ হৈ গ’ল জীৱন।  শোৱাপাটিতে দৃৰ্বৃত্তই হত্যা কৰিছিল এজন ব্যৱসায়ীক। উত্তম গগৈ নামৰ ব্যক্তিজনক কোনে হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।উল্লেখ্য যে যোৱা ২৫ জুলাইত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লাহন গাঁৱত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছিল । বৰবৰুৱা থানাৰ লাহন গাঁৱৰ উদীয়মান ব্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুর্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংসভাবে হত্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শোৱনি কোঠাটোৰ বিভিন্ন সামগ্রী ছেদেলি-ভেদেলি কৰি মূল্যৱান বয়-বস্তু চুৰি কৰি লৈ গৈছিল হত্যাকাৰীয়ে। প্ৰথম অৱস্থাত এয়া ডকাইতিকাণ্ড বুলিয়ে সকলোৱে সন্দেহ কৰিছিল । অৱশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু দেওবাৰে নিৰ্দিষ্ট তথ্য প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে উত্তম গগৈৰ পত্নী, কন্যা আৰু আন দুজনক আটক কৰে ।উত্তম গগৈৰ পত্নী আৰু কন্যাৰ লগতে বৰবৰুৱা আৰক্ষীয়ে আটক কৰা আন দুজনৰ ভিতৰত এজন নাবালক বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে পত্নী, কন্যাই দুই চুপাৰি কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক । হত্যাকাণ্ড সংঘটিত কৰি ববী গগৈয়ে কন্যা আৰু পুত্ৰক লগত লৈ হত্যাকাৰীৰ গাড়ীতে তিনি কিলোমিটাৰ নিলগৰ দুলীয়া-কাকতি গাঁৱত থকা নিজ মাতৃগৃহলৈ গুচি যায়।  এই হত্যাক ডকাইতিকাণ্ডৰ ৰূপ দিবলৈও চেষ্টা কৰিছিল । অৱশ্যে বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে । আৰক্ষীৰ জেৰাৰ অন্তত সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিছে । আৰক্ষীয়ে আটক কৰা যুৱক আৰু কিশোৰজনে সমগ্ৰ ঘটনাৰ বিৱৰণ দিছে । আনকি ঘটনা সংঘটিত কৰি লৈ যোৱা সোণৰ গহনা আৰু আন সামগ্ৰীসমূহো আৰক্ষীয়ে উদ্ধাৰ কৰে । মৃত উত্তম গগৈৰ ঘৰৰ ভিতৰতে লুকুৱাই ৰখা হৈছিল সামগ্ৰীবোৰ । ইফালে উত্তম গগৈৰ হত্যাৰ ৪ অভিযুক্তক আৰক্ষীয়ে আটক কৰা পাছতে বৰবৰুৱা আৰক্ষী থানাত ঘটনাৰ উচিত তদন্তৰ দাবীত অঞ্চলটোৰ ৰাইজে অৱস্থান গ্ৰহণ কৰে ।‌ অভিযুক্তক আটক কৰাৰ পিছতে বৰবৰুৱা আৰক্ষী থানাত উপস্থিত হৈ উত্তম গগৈৰ ভাতৃয়ে কয়, “দাদাৰ ৰক্তচাপজনিত সমস্যাত মৃত্যু হোৱা বুলি খবৰ পাইছিলো । কিন্তু গৈ দেখিছিলো যে কাণ এখন ছিগি আছে আৰু আলমাৰিটো খোলা আছিল । তেতিয়া আমি ডকাইতিৰ ঘটনা বুলি ভাবি লৈছিলো । তেওঁৰ পত্নী আৰু কন্যাই হত্যা কৰা বুলি স্বীকাৰ কৰিছে । কিয় এই কাম কৰিলে সেই কথা গম পোৱা নাই । আৰক্ষীয়ে আৰু দুজনক ধৰা বুলি কৈছে ।”জিলা আৰক্ষী অধীক্ষকে ঘটনাৰ তদন্ত শেষ হোৱা নাই  বুলি উল্লেখ কৰি এই ঘটনাৰ বাবে তদন্তৰ খাতিৰত আৰু কেই বাজনো লোকক আটক কৰা হ’ব পাৰে বুলিও মন্তব্য কৰে। ইফালে চেং কাইৰ নাবালিকা কন্যা আৰু হত্যাকাৰী গৌৰাংগক যোৰহাটৰ জুভাইনেল জে’ললৈ প্ৰেৰণ কৰা হয়। আনহাতে লুকুৱাই ৰখা সোণৰ গহনাখিনি আজি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি ঘটনাৰ লগত জড়িত থকাসকলক গ্ৰেপ্তাৰ কৰাত আশ্বস্ত হৈছে। সেয়ে ৰাইজে আৰক্ষীৰ এনে তৎপৰতাৰ বাবে আৰক্ষী বিষয়াক চেলেং পিন্ধাই সন্মান জনায়।