গেলাবিলৰ মৰেল পুলিচিঙৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ

গেলাবিলৰ মৰেল পুলিচিঙৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সৰুপথাৰ সমজিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত গেলাবিলত সংঘটিত হোৱা মৰেল পুলিচিঙৰ বৰ্বৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক শনিবাৰে পুৱতিনিশা আত্মগোপন কৰি থকা অৱস্থাত বৰপথাৰ থানাই গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে বৰপথাৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত গোচৰ নং 41/25U/s 120(2)/123/308(2)/3(5) BNSত তদন্ত প্ৰক্ৰিয়া আৰম্ভকৰিছে। ইফালে, গেলাবিলত সংঘটিত মৰেল পুলিচ কাণ্ডৰ সৈতে জড়িত দুই পলাতক ভাতৃ শশাংক আৰু ৰঞ্জিত শ্ৰেষ্ঠসহ আনসকলক ১২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তিৰ দাবীত থানাৰ চৌহদ কঁপাই তোলে প্রতিবাদী জনতাই। মৰেল পুলিচ কাণ্ডৰ অন্যতম অভিযুক্ত ৰাজু শ্রেষ্ঠক ইতিমধ্যে জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে বৰপথাৰ থানাৰ অন্তৰ্গত গেলাবিলত চুৰি কৰাৰ অভিযোগত এজন যুৱক আৰু এজন কিশোৰক এদল উন্মত্ত লোকে তালিবানী কায়দাৰে অতি নির্মমভাৱে প্ৰহাৰ কৰা এক ভয়ংকৰ ভিডিঅ’ সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা খবৰে সমগ্র অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অভিযোগ মতে, চুৰিৰ অভিযোগত গেলাবিল ৰেংমা গ্ৰাণ্টৰ মহেন্দ্ৰ শইকীয়াৰ পুত্ৰ শয়ন শইকীয়া (১৭) আৰু দীঘল গাঞ্জাৰ উপেন্দ্ৰ সাহানীৰ পুত্ৰ কান্দু সাহানী নামৰ কিশোৰ আৰু যুৱক দুজনক গেলাবিল ঘাটত এদল উন্মত্ত জনতাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল। উন্মত্ত দলটোৱে কোনো বাছ-বিচাৰ নোহোৱাকৈ দুই হাত পঘাৰে বান্ধি ইমানেই নির্মম আৰু নির্দয়ভাৱে প্ৰহাৰ কৰে যে ৰাইজৰ প্ৰহাৰত হাত-ভৰি-পিঠি চাব নোৱাৰা অৱস্থা হৈ পৰে। কেৱল প্ৰহাৰ কৰাই নহয়, দুহাত ৰছীৰে বান্ধি বহু দূৰ চোঁচৰাই লৈ যোৱা দেখা যায় প্ৰচাৰ হোৱা ভিডিঅ’টোত। ইফালে গণপ্ৰহাৰত হাত-ভৰিত হোৱা ঘাবোৰত নিমখ আৰু ভোট জলকীয়া সানি অতি পাশবিক নির্যাতন চলোৱা ভিডিঅ’টোত পৰিলক্ষিত হৈছে। গাৰ নোম শিয়ৰি উঠা ভিডিঅ’টোক লৈ কেৱল বৰপথাৰতে নহয়, প্ৰচাৰিত ভিডিঅ’টোত সামাজিক মাধ্যমত প্রতিবাদৰ জোৱাৰ উঠা দেখা গৈছে। মৰেল পুলিচৰ আক্ৰমণত মুমূর্ষ অৱস্থাত চিকিৎসাধীন হৈ থকা আহত দুই যুৱক আৰু কিশোৰৰ ন্যায়ৰ বাবে সামাজিক মাধ্যম উত্তাল হৈ পৰিছে। এই বৰ্বৰ ঘটনাত গেলাবিল অঞ্চলৰ বাসিন্দা তিনি ভাতৃ ক্ৰমে বিজেপিৰ বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্রেষ্ঠ, শাৰীৰিক নিৰ্দেশক ৰঞ্জিত শ্রেষ্ঠ আৰু ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শশাংক শ্রেষ্ঠৰ নাম সাঙোৰ খাই পৰিছিল। ইতিমধ্যে কান্দু সাহানীৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত বৰপথাৰৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ এক বিশেষ সূত্রই জানিবলৈ দিয়া মতে, অতিশীঘ্ৰে আৰক্ষীৰ জালত পৰিব আন দুই অভিযুক্তও। এই ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা ৰাজু শ্রেষ্ঠক এক বিবৃতিযোগে সদৌ অসম গোর্খা সন্মিলনৰ অন্যতম সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিছে।