মৰীচিকা
বন্দিতা শৰ্মা কন্দলি
মৰমৰ মইনাহঁত, প্ৰখৰ ৰʼদৰ বতৰত পকী ৰাস্তাৰে ফুৰিবলৈ গ’লে দূৰৈত পানীৰ দোঙা বা পানী পৰি থকা যেন দেখা পাওঁ। কিন্তু ওচৰত গৈ দেখো পানী নাই। শুকান ৰাস্তা। এই যে পানী আছে বুলি ভুলকৈ দেখিলোঁ তাকেই মৰীচিকা বুলি কোৱা হয়। অৰ্থাৎ মৰীচিকা হৈছে পোহৰৰ এক প্ৰাকৃতিক বিভ্ৰান্তি, য’ত দূৰৈৰ বস্তু বা দৃশ্য যেনে পানী বা গছ- গছনিৰ ওলোটা দৃশ্য যেন দেখা যায় কিন্তু প্ৰকৃততে তেনে বস্তু নাথাকে।
মৰীচিকা সাধাৰণতে মৰুভূমি বা গৰমৰ দিনত পোন পকী পথত দেখা পোৱা যায়।বায়ু গৰম হ’লে পাতল হয় আৰু ইয়াৰ ঘনত্ব কম। আনহাতে চেঁচা বায়ুৰ ঘনত্ব বেছি। মৰুভূমিৰ বালিৰ গাতে লাগি থকা বায়ুস্তৰ গৰম আৰু ওপৰলৈ ক্ৰমে চেঁচা। এই গৰম আৰু চেঁচা বায়ুৰ মাজেৰে পোহৰে গতি কৰোঁতে দুই মাধ্যমৰ সংযোগ স্থলত সামান্য বেকাকৈ পোহৰৰ ৰশ্মিয়ে গতি কৰে । ফলস্বৰূপে চকুৰ বিভ্ৰান্তিৰ সৃষ্টি হয়। মৰুভূমিত দূৰৈত থকা গছ এজোপাৰ ওলোটা প্ৰতিবিম্ব বাটৰুৱাৰ চকুত পৰেগৈ। যিহেতু পানীতহে তেনে ওলোটা প্ৰতিবিম্ব দেখা পোৱা যায়, সেয়ে বাটৰুৱাজনে দূৰৈত পানীৰ হ্ৰদ আছে বুলি ভাবি ভুল কৰে।
পকী ৰাস্তাত দূৰৈত পানী পৰি থকা যেন দেখাৰ কাৰণ হৈছে গৰম দিনত মাটিৰ(পকী ৰাস্তা) ওচৰৰ বায়ু গৰম আৰু পাতল হয় বাবে ইয়াৰ ঘনত্ব কমে। আনহাতে ওপৰৰ বায়ু তুলনামূলকভাৱে শীতল আৰু ঘন হয়। যেতিয়া পোহৰৰ ৰশ্মি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমৰ মাজেৰে যায়, তেতিয়া ইয়াৰ গতিপথ বেঁকা হৈ পৰে। এই বেঁকা পোহৰে আমাৰ চকুত পানী পৰি থকাৰ দৰে বিভ্ৰান্তিৰ সৃষ্টি কৰে। এই ঘটনাই হৈছে মৰীচিকা।
মৰীচিকা দুই ধৰণে হয়- উচ্চ মৰীচিকা আৰু নিম্ন মৰীচিকা। উচ্চ মৰীচিকা সাধাৰণতে শীতল অঞ্চলত দেখা যায়। এনে ঠাইত বৰফ বা পানীৰ পৰা বাষ্প ওপৰলৈ উঠে অৰ্থাৎ তলত চেঁচা ওপৰত গৰম। তেতিয়াও পোহৰে বেকাকৈ গতি কৰি মৰীচিকা সৃষ্টি কৰে। নিম্ন মৰীচিকা গৰম অঞ্চলত দেখা যায়, য’ত মাটিৰ ওচৰৰ বায়ু গৰম হৈ পোহৰক বেঁকা কৰে। উচ্চ মৰীচিকাৰ বাবেই সাগৰীয় ঠাণ্ডা অঞ্চলত দূৰৰ জাহাজৰ প্ৰতিবিম্ব আকাশত ওলমি থকা যেন দেখা যায়।