ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু ছোৰেণেৰ আজি পুৱা  ৮:৪৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ পিছত  সোমবাৰে দিল্লীৰ গংগাৰাম হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কিডনীৰ সংক্ৰমণ হৈছিল আৰু ব্ৰংকাইটিছো ধৰা পৰিছিল ৷ যাৰ বাবে তেওঁৰ মৃত্যু হয় ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা পুত্ৰ হেমন্ত ছোৰেনে সামাজিক মাধ্যম যোগে পিতৃৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে। এক পোষ্টত পিতৃৰ মৃত্যুৰ বাতৰি ৰাজহুৱা কৰি তেওঁ কয়, “শ্ৰদ্ধাৰ দিশোম গুৰুজীয়ে আমাক সকলোকে এৰি থৈ গৈছে। আজি মই শূন্য হৈ পৰিছো।” প্ৰাপ্ত তথ্য অনুসৰি এমাহৰো অধিক সময় ধৰি দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল শিবু ছোৰেণ। বিগত কেইদিনমানৰ পৰা তেওঁৰ অৱস্থা অধিক সংকটজনক হৈ আছিল।জানিব পৰা মতে, যোৱা ২৪ জুনত শিবু  ছোৰেনক  চিকিৎসালয়ত  ভৰ্তি কৰা হৈছিল। ঝাৰখণ্ডৰ ৰাজ্য গঠন  আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল শিবু ছোৰেনে। অনুৰাগীৰ মাজত ‘গুৰুজী’ হিচাপে পৰিচিত শিবু ছোৰেনে তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে  মুখ্যমন্ত্ৰী  হিচাপে  তেওঁ এবাৰো কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে। শিবু   ছোৰেনে ২০০৫ চনত ঝাৰখণ্ডৰ তৃতীয় মুখ্যমন্ত্ৰী  হিচাপে  দায়িত্ব  গ্ৰহণ কৰিছিল। অৱশ্যে প্ৰথম কাৰ্যকালত তেওঁ মাত্ৰ ১০ দিন মুখ্যমন্ত্ৰীৰ আসনত আছিল। ইয়াৰ পিছত ২০০৮ চনত দ্বিতীয় কাৰ্যকালত প্ৰায় এবছৰ আৰু তৃতীয় কাৰ্যকালত কেইমাহমান মুখ্যমন্ত্ৰী  হিচাপে  দায়িত্ব  পালন  কৰিছিল  শিবু  ছোৰেনে। ঝাৰখণ্ডৰ  ৰাজ্যিক  ৰাজনীতিৰ লগতে কেন্দ্ৰীয় ৰাজনীতিতো সফল হৈছিল শিবু ছোৰেন। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা শিবু ছোৰেনে পিছত ১৯৮৬, ১৯৮৯, ১৯৯১ আৰু ১৯৯৬ চনত  ধাৰাবাহিকভাৱে  জয়লাভ কৰে। ইয়াৰ পিছত ২০০৪, ২০০৯ আৰু ২০১৪ চনতো তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ  উপৰিও শিবু ছোৰেনে কেন্দ্ৰৰ নৰসিংহ ৰাও আৰু মনমোহন সিং চৰকাৰ  মন্ত্ৰীসভাতো স্থান  লাভ কৰিছিল। তেওঁ তিনিবাৰ কেন্দ্ৰত কয়লা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ  কৰিছিল। প্ৰতিষ্ঠা কালৰে পৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতিৰ দায়িত্ব পালন কৰি অহাৰ পিছত চলিত বৰ্ষৰ ১৫ এপ্ৰিলত তেওঁ দলৰ সভাপতি আসন ত্যাগ কৰিছিল।