মহানগৰীৰ PVR চিনেমা হ’লত দৰ্শকৰ মূৰত খহি পৰিল চিলিং

মহানগৰীৰ PVR চিনেমা হ’লত দৰ্শকৰ মূৰত খহি পৰিল চিলিং

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে নিশা গুৱাহাটীৰ চিটি চেণ্টাৰত সংঘটিত হৈ এক অনাকাংশিত ঘটনা।  মলটোৰ ভিতৰত থকা  PVR ছবিগৃহত চিনেমা চলি থকা সময়তেই খহি পৰিল চিলিং। ৩ জন লোকৰ মূৰৰ ওপৰত পৰিল চিলিঙৰ ভগ্নাংশ। তাৰ পিছতে দৰ্শকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।তাৰ ভিতৰত আছিল শিশুও। সেই সময়ত ছবিগৃহটোত চলি আছিল “মহাৱতাৰ নৰসিংহ” (Mahavatar Narsimha) ছবিখন। আহত ব্যক্তিসকলক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী। তাৰ পিছতে ব্যয়বহুল ছবিগৃহটোৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। টিকটৰ ধনো ঘূৰাই দিয়া দাবী একাংশ দৰ্শকৰ।