বেআইনীভাৱে উচ্ছেদ নকৰিবলৈ দাবী ৰাইজৰ দলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত বিজেপি চৰকাৰে চলাই থকা উচ্ছেদ সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কুটাৰ সৈতে ১ ঘণ্টীয়া বৈঠকত মিলিত হয় ৰাইজৰ দলৰ অখিল গগৈৰ।লখিমপুৰ , গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত পৰিয়ালৰ প্ৰতিনিধিও সৈতে আলোচনা কৰা হয়৷ দীঘলীয়া আলোচনাটোত প্ৰতিনিধিসকলৰ পক্ষৰ পৰা সকলো অভিযোগ উত্থাপন কৰা হয়। বেআইনীভাৱে আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ৰাষ্ট্ৰই কেতিয়াও উচ্ছেদ নকৰিবলৈ দাবী জনোৱা হয়। আনহাতে উচ্ছেদিত থলুৱা আৰু স্বদেশী পৰিয়ালসমূহক যথোপযুক্ত ক্ষতিপূৰণসহ মাটি দি সংস্থাপিত কৰিবলৈ দাবী জনায়। মুখ্যসচিবে আইন অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মতি জনায়। যোৱা ১১ জুলাইত ৰাইজৰ দলৰ সভাপতি আৰু বিধায়ক হিচাপে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই তিনিখন জিলাৰ উচ্ছেদিত ৰাইজক সংস্থাপন দিবলৈ দাবী জনোৱা হয় আৰু মুখ্যমন্ত্ৰীয়ে যুক্তিসন্মত আৰু আইনসন্মত কথাবোৰ মানি ল’ব বুলি ঘোষণা কৰিছিল। আজি মুখ্যসচিব আৰু পূৰ্বতে মুখ্যমন্ত্ৰীক দিয়া তিনিওখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷