উৰিয়ামঘাটৰ ৰেংমা – বনাঞ্চলত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ সংৰক্ষিত ৰেংমা বনাঞ্চলৰ সোণাৰিবিল টোপ, ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩নং দয়ালপুৰ, দলনপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী, গেলাজান আদি অঞ্চলত দীর্ঘদিন ধৰি এচাম সন্দেহযুক্ত লোকে বন ধ্বংস কৰি বিশেষকৈ ৰেংমা নদীৰ শিলৰ ব্যৱসায়ৰ লগতে ধান, তামোল, শাক-পাচলি, পুখুৰী খান্দি হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি বসবাস কৰি আছিল। এই বেদখলৰ বিৰুদ্ধে ইয়াৰে বিদ্যাপুৰ বজাৰ অঞ্চলত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলায়। ৰাজ্য চৰকাৰক সংৰক্ষিত ৰেংমা বনাঞ্চল বেদখলমুক্ত কৰিবলৈ বিভিন্ন সময়ত জাতীয় দল-সংগঠন, ভূমিপুত্রসকলে আবেদন-নিবেদন জনাই আহিছিল যদিও বিশেষ সুফল পোৱা নাছিল। ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পাছৰে পৰা উৰিয়ামঘাটৰ এই ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিব বুলি বিভিন্ন সময়ত ঘোষণা কৰিছিল। মুখ্যমন্ত্রী ড° হিমন্ত শর্মাই কিছুদিন পূর্বে বৰপথাৰলৈ বানপীড়িতৰ খবৰ ল’বলৈ আহি উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চল সন্দেহযুক্ত লোকে বেদখল কৰি আছে বুলি মন্তব্য কৰি ৰেংমা বনাঞ্চল উচ্ছেদ চলাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে বন বিভাগক উক্ত অঞ্চলটোত বেদখল কৰা ভূমি জৰীপ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছৰে পৰা বন বিভাগে যোৱা দুটা সপ্তাহত জৰীপ চলাই বনাঞ্চল বেদখল কৰা তথ্য ৰাজ্য চৰকাৰক দাখিল কৰে আৰু ২১ জুলাইত ১২খন গাঁৱৰ ২,৬৪৮টা পৰিয়াললৈ ৭ দিনৰ সময়সীমা বান্ধি সংৰক্ষিত ৰেংমা বনাঞ্চল এৰিবলৈ জাননী প্ৰেৰণ কৰে । জাননী লাভ কৰা লগে লগে সহস্রাধিক লোকে নিজৰ ঘৰ, দোকান-পোহাৰ আদি ভাঙি অন্য ঠাইলৈ ঢাপলি মেলে যদিও বহুকেইটা পৰিয়াল উক্ত স্থানতে ৰৈ যায় আৰু একাংশই উচ্ছেদৰ বিৰোধিতা কৰি উক্ত স্থানৰ পৰা আঁতৰি নোযোৱাৰ হুংকাৰ প্ৰদান কৰে। বন বিভাগৰ জাননী ম্যাদ শেষ হোৱাৰ লগে লগে মঙল বাৰৰ পুৱাৰে পৰা উৰিয়ামঘাট বিদ্যাপুৰ খেলপথাৰত উপস্থিত হৈ দুই হেজাৰৰো অধিক অসম আৰক্ষী, চি আৰ পি এফ জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী আৰু ১০০ খনতকৈ অধিক এক্সকেভেটৰ অসম-নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২খনকৈ গাঁৱৰ ১,৯০০টা পৰিয়ালৰ ঘৰ-বাৰীত প্ৰশাসনৰ বুলড’জাৰ চলা বলৈ আৰম্ভ কৰে। পাঁচদিনীয়াকৈ চলিব লগা উচ্ছেদস্থলীত অসম আৰক্ষীৰ আই জি পি অখিলেশ কুমাৰ সিং, বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে গোলাঘাট জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্তৰ লগতে নাগালেণ্ড আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, নাগালেণ্ড আৰক্ষী বিষয়াসকলৰ লগতে বহু বিষয়া আহি উপস্থিত থাকে। মঙলবাৰে পুৱা প্ৰায় ৮ বজাৰ পৰা বন বিভাগৰ দ্বাৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযানৰ সময়ছোৱাত যাতে কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে অসম আৰক্ষীৰ দুহেজাৰো অধিক জোৱান নিয়োজিত কৰা দেখা পোৱা গৈছে। ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানটোৰ আইন-শৃংখলা সম্পূর্ণ নিয়ন্ত্ৰণত থকাৰ লগতে সমগ্ৰ উচ্ছেদৰ প্ৰক্ৰিয়াটোৱেই যাতে শান্তিপূর্ণভাৱে সমপ্ত কৰিব পাৰি, সেই ক্ষেত্ৰত নিৰাপত্তাজনিত দিশটো নিজে পর্যবেক্ষণ কৰিছে অসম আৰক্ষীৰ আইন-শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙে। উৰিয়ামঘাটৰ বিদ্যাপুৰত উপস্থিত হৈ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে প্ৰথমদিনটোৰ উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে হৈ যোৱা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে অনাগত দিনকেইটাতো উচ্ছেদৰ সময়ত কোনেও যাতে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি অসম আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিব বুলি মন্তব্য কৰে। ইফালে, সাংবাদিকে এতিয়াও বহু লোকে জাননী পোৱাৰ পাছতো সেই স্থান পৰিত্যাগ নাই কৰা বুলি সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা গ্রহণ কৰা হব বুলি জানিবলৈ দিয়ে। আনহাতে, সোমবাৰে প্রকাশ পোৱা নগা উগ্ৰপন্থী সংগঠনৰ ভিডিঅ’ প্রসংগত নগা উগ্রপন্থীৰ তেনে কোনো কার্যকলাপ অসমৰ ভুমিত দেখা পোৱা নাই বুলি উল্লেখ কৰাৰ লগতে ভয় তথা শংকাৰ কোনো কাৰণ নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। আনহাতে, স্থানীয় লোকসকলৰ যথেষ্ট সহযোগিতা লাভ কৰাৰ কথাও উল্লেখ কৰে অসম আৰক্ষীৰ বৰমূৰীয়াগৰাকীয়ে।