কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ মুখ্যমন্ত্রী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শক্তিখণ্ডক অধিক শক্তিশালী কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে।সংসদ ভৱনত হোৱা সাক্ষাৎকালত শক্তিখণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও মুখ্যমন্ত্ৰী ড° শর্মাই মন্ত্ৰী খট্টৰক অৱগত কৰে। নতুন বিদ্যুৎ প্রকল্প, বিদ্যুৎ আবণ্টন আৰু সঞ্চাৰণ ব্যৱস্থাৰ উন্নতিকৰণ, বিদ্যুতৰ লোকচান আদি হ্রাস কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা তেওঁ সবিস্তাৰে ব্যক্ত কৰে। বিভাগীয় মন্ত্ৰীগৰাকীয়েও শক্তিখণ্ডত ৰাজ্যৰ অগ্ৰগতিৰ শলাগ লৈ অনাগত দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্ৰদান কৰে। মন্ত্ৰী খট্টৰৰ সৈতে হোৱা আলোচনাকালত মুখ্যমন্ত্রী ড° শৰ্মাক সংগ দিয়ে তেওঁৰ প্ৰধান সচিব কে কে দ্বিবেদীকে ধৰি ৰাজ্যৰ কেই বাজনো চৰকাৰী বিষয়াই।
উল্লেখ্য যে কেন্দ্রীয় শক্তিমন্ত্রীক সাক্ষতৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই সংসদ ভৱনতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। বিকশিত অসম তথা বিকশিত ভাৰতক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা সপোনক সাকাৰ কৰিবলৈ দুয়োগৰাকী নেতাই বিভিন্ন আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰৰ এক বিবৃতি অনুসৰি অসমৰ জলপথ বিকাশৰ লগতে যোগীঘোপাত স্থাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক পার্কক লৈ সোণোৱালৰ সৈতে মুখ্যমন্ত্রী ড° শৰ্মাই মত বিনিময় কৰে। জলপথ উন্নয়নৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক নতুন উচ্চতালৈ উন্নীত কৰিব পাৰে বুলি মুখ্যমন্ত্রী ড° শৰ্মাই সোণোৱালৰ সন্মুখত আশা ব্যক্ত কৰে।