কালিৰাম বৰুৱা ছোৱালী বিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণী

কালিৰাম বৰুৱা ছোৱালী বিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, আঁৰকাপোৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত কেন্দ্রীয় গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত ভৰলুমুখত অৱস্থিত কালিৰাম বৰুৱা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১১ জুলাইৰ পৰা ২৫ জুলাইলৈ দহ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ অনুষ্ঠিত কৰা হৈছিল। এই কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক লৈ যোগাসন, গীত আৰু আয়ুষ্মান নাটকৰ কিয়দাংশ ২৬ জুলাইত কালিৰাম বৰুৱা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শনৰে কৰ্মশালাটিৰ সফল সামৰণী মৰা হয়। সামৰণী অনুষ্ঠানৰ আঁত ধৰে কণ্ঠ শিল্পী চন্দন গৌতমে, কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভুঞাই বন্তি প্ৰজ্বলন কৰি মঞ্চ মুকলি কৰে। বন্তি প্ৰজ্বলনৰ পাছতেই প্ৰশিক্ষাৰ্থীসকলক লৈ প্ৰস্তুত কৰা অনুষ্ঠানটি আৰু নাটক আৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ সামগ্রীক পৰিকল্পনা শিবিৰ পৰিচালক ধীৰাজ কুমাৰৰ।নাটখনৰ ৰচনা আৰু পৰিচালনা ধীৰাজ কুমাৰৰ। সহকাৰী পৰিচালনা নমিতা গোস্বামী, সংগীত কুলদীপ তালুকদাৰ আৰু অহিৰণ কুমাৰ, প্ৰযোজনা নিয়ন্ত্রণত আছিল ৰঞ্জন কুমাৰ চহৰীয়া আৰু অংকিত কুমাৰ ৰাভা। নাট খনত অভিনয় কৰে অংকিত কুমাৰ ৰাভা, ৰাশি কলিতা, জোন দাস, তন্ময় হালৈ, পূজা দাস, সুনীতা দাস, তয়ুৱ জামান, আয়ুষ চন্দ,প্ৰজুক্ট চাই পৰাশৰ, ইপ্সিতা কলিতা, টুইঙ্কল সৰকাৰ, এলিচা জেচমিন, হামিদা বেগম, চাবিহা চবনম, নেহা মেধি, আয়ন আনন্দ, কৃষ্ণা কুমাৰী, অংকিতা ধৰ, তৰংগ ৰাজকুমাৰ, অহিৰণ কুমাৰ, ৰশ্নী সাহা, চুনীতা খাতুন, জাগৰণ দিগন্ত শইকীয়া, কিয়াঞ্চ বড়ো, হৃদয় বনিক, বিয়া শৰ্মা আৰু কস্তুৰী বৰ্মন। অনুষ্ঠানৰ শেষত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভুঞা, অভিনেত্রী বাবী বৰুৱা,অভিনেতা ভৰত চুতীয়া, লেখিকা নৱনীতা গগৈ বৈৰাগী, ড০ কল্পনা কলিতা, ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, দ্বিজেন দাস, ৰীমা দাস, ড০ সুভাষ নাথ, অতুল দত্তকে ধৰি আমন্ত্ৰিত অতিথিয়ে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।উপস্থিত দৰ্শকে চৰকাৰ আৰু আঁৰকাপোৰৰ এনে প্ৰচেষ্টাৰ শলাগ লয় লগতে এই ধৰণৰ গ্ৰীষ্মকালীন শিবিৰ আগলৈ আয়োজন কৰাৰ অনুৰোধ জনায় । কৰ্মশালাটিত বিশিষ্ট অভিনেতা, পৰিচালক ধীৰাজ কুমাৰ, ধ্ৰুৱ কুমাৰ দাস, কুলদীপ তালুকদাৰ, শিৱ প্ৰসাদ নাথ, নমিতা গোস্বামীয়ে অভিনয় আৰু সীমা দাসে গানৰ প্ৰশিক্ষণ প্ৰদান কৰে ।