আপোন কোন ?
শৈলেন কুমাৰ, মিৰ্জা
বিছাৰি এটোপাল মৰম এধানি
আনৰ মাজত নিজক বিচাৰি
খাইছোঁযে মই বহু উজটি
তথাপিও হতাশা যে মোৰ চিৰলগৰী ৷
কল্পনাত মধুৰ মিঠা মাতষাৰ
বাস্তৱত হৈ পৰে তিক্ততাৰ বিষবাণ
নিজ ভালে জগত ভাল ব্যাখ্যা এটি আছে
কিন্তু বাস্তৱত জানো তাৰ কিবা সাৰ্থকতা আছে ৷
দানৱৰ মাজত মানৱ বিচাৰি
অন্ধকাৰৰ মাজত পোহৰ বিচাৰি
অভিনয় আৰু স্বাৰ্থৰ সমাজত
শুদ্ধ সমাজ গঢ়িবগৈ,পৰিছো ভাগৰি ৷
চঞ্চলা মন,ভোগবাদত উৎসাহী
নুবুজে সিহঁতে সঁচা হৃদয়ৰ মূল্য
অবুজ মাতাল বিক্ষোভৰ মাথোঁ জয়যাত্ৰা
বাহুবল,ক্ষমতা ৰাক্ষসৰ এটা মন ৷
দুৰ্বলতা,সুবিধা,ৰক্ষণশীল,দমননীতি
আগচি ধৰিছে,কি যে এক জালাযন্ত্ৰণা
কোনে বুজিব? কবলৈ যে নাই কোনো ভাষা
নিজেও নোৱাৰে,সমলোচনাকে কৰে
জগতত আপোনত্বৰ শ্ৰাদ্ধ পাতি
ইয়াতেই মোহ আৰু স্বপ্নভংগ হ’ল ৷
আপোন বুলি ভেশ ধৰি
আপোনত্বই খুলিখুলি খাই
কোন আপোন,কোন প’ৰ
মায়াৰ পৃথিৱীৰ,বলিয়া সমাজত
আপোনপাহৰা হ’ল ৷