মহানগৰীৰ পাণ্ডুত শিৱ শঙ্কৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ আনুষ্ঠানিক শুভ উদ্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰত্যক্ষ ব্যৱস্থাপনাত গুৱাহাটী মহানগৰীৰ পাণ্ডুত অৱস্থিত বিবেকানন্দ পথচক্ৰ, ৰামকৃষ্ণ আশ্ৰমত শিৱ শঙ্কৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে অনুষ্ঠানৰ মুখ্য অতিথি ভাৰতীয় জনতা পাৰ্টীৰ জালুকবাৰী মণ্ডলৰ সভাপতি পীয়াল দেই। যোগ প্ৰশিক্ষীকা অৰুন্ধতী তালুকদাৰে সাৱলীলভাৱে আত ধৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে জালুকবাৰী মণ্ডল অবিছি মৰ্চাৰ সভাপতি ৰাধাকান্ত সাহা আৰু বিবেকানন্দ পথচক্ৰ, ৰামকৃষ্ণ আশ্ৰমৰ কৰ্মকৰ্তা প্ৰসেন কুমাৰ সাহা আৰু প্ৰদীপ মিশ্ৰ উপস্থিত থাকে। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিস্থাপক সভাপতি যোগাচাৰ্য্য শুভাশীষ কʼৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ সাধাৰণ সম্পাদক ডঃ শান্তনু ৰয় চৌধুৰী আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মাধন বৰা আদি ব্যক্তি সকলে যোগ বিষয়ক তত্ব গধুৰ বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷ সভাপতিৰ ভাষণত যোগাচাৰ্য্য গৰাকীয়ে যোগ বিষয়ক সুমধুৰ মন্তৱ্য আগবঢ়োৱাৰ লগতে আজি শুভ উদ্বোধন হোৱা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ সুবিধা লাভ কৰি স্থানীয় ৰাইজ উপকৃত হ’ব বুলি মন্তব্য আগবঢ়ায়।