সীমান্ত চেতনা মঞ্চৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলাৰ কাঁহিকুছিত থকা পঞ্চায়ত আৰু গ্রামোন্নয়নৰ ৰাজ্যিক প্রতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে। আগত বৰ্ষৰ বাবে সীমান্ত চেতনা মঞ্চৰ কার্যকর্তাসকলক সক্ৰিয় কৰি নতুন আঁচনিৰে কাম কৰি যাবলৈ উৎসাহিত কৰা অধিৱেশনৰ আজি সামৰণী অনুষ্ঠান ভাৰত মাতাৰ পূজনেৰে আৰম্ভ হয়। ৰাজ্যিক সমিতিৰ সভাপতি ড’ বিনীতা ভাগবতীয়ে সকলোকে আদৰণি জনায়। সীমান্ত চেতনা মঞ্চ, পূর্বোত্তৰৰ সভানেত্রী ড° প্রতিমা নেওগীয়ে সভাত ভাষণ দিয়াৰ পিচত অখিল ভাৰতীয় সীমা জাগৰণ মঞ্চৰ সহ-সংযোজকদ্বয় ক্রমান্বয়ে প্রদীপন জী আৰু ৰাম কুমাৰে মঞ্চৰ কৰ্মকর্তাসকলক যথাযথ মাৰ্গ দর্শন কৰে। সভাৰ শেষত অভ্যর্থনা সমিতিৰ সভাপতি বলীন নাথে অধিবেশনখন সফল কৰি তোলাত অৰিহণা যোগোৱা আটাইৰে শলাগ লয়। পুৱা ৯.৩০ বজাত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা স্পর্শ কৰি থকা ৯ খন জিলাৰ সভাপতিয়ে সাংগঠনিক পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা অধিবেশনৰ উদ্বোধনী সভাত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বস্তি প্রজ্বলনৰ লগতে সংগঠনৰ গীত পৰিবেশন কৰিছিল নিষ্ঠাবান কার্যকর্তাসকলে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক সমিতিৰ প্ৰচাৰ সম্পাদক জ্যোতিস্মিতা শর্মাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশগ্রহণ কৰি কয় যে সীমান্ত মানে দেশৰ শেষ সীমা নহয়, সীমান্তত দেশ আৰম্ভহে হয়। এই সভাতে ‘সীমান্ত-২৫’ শীর্ষক স্মৰণিকাখনো উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নেডফিৰ চি এম ডি পি ভি এল এন মূর্তিয়ে ভাষণ দিয়ে। অখিল ভাৰতীয় সীমা জাগৰণ মঞ্চৰ সহ-সংযোজক ৰামকুমাৰে সভাগৃহক মার্গ দর্শন কৰোৱাৰ পিচতে উদ্বোধনী সভাৰ শলাগ লয় সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ নৱ মনোনীত সভাপতি বাবলু ৰায়ে। অখিল ভাৰতীয় সীমা জাগৰণ মঞ্চৰ সহ-সংযোজক প্রদীপ নদী আৰু সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ সভানেত্রী প্রতিমা নেওগীয়েও সভাত অংশগ্রহণ কৰে। সভাত দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰা, অসম সাহিত্য সভাৰ কামৰূপ মহানগৰৰ সভাপতি প্রফুল্ল বর্মন, এছ বি দেওৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° কমামণি ডেকা প্রমুখ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ কাৰ্যকৰ্তাসকলে অংশগ্রহণ কৰে।