জাদেজা-ৱাশ্বিংটনৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে মানচেষ্টাৰ টেষ্টত ড্ৰ ভাৰতৰ

জাদেজা-ৱাশ্বিংটনৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে মানচেষ্টাৰ টেষ্টত ড্ৰ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সন্মুখত পাহাৰ প্ৰমাণ লক্ষ্যৰে মানচেষ্টাৰ টেষ্টৰ পঞ্চমদিনা ভাৰতীয় বেটাৰৰ বাবে সৃষ্টি হৈছিল তীব্র প্রত্যাহান। ভাৰতৰ বাবে মেচ জিকা সম্ভৱপৰ নাছিল। কিন্তু শুভমন গিলৰ শতৰানৰ পিছত যুঁজ দিলে ৰবীন্দ্ৰ জাদেজা আৰু বাশ্বিংটন সুন্দৰে। প্রথম ইনিংছত ভাৰতে সংগ্ৰহ কৰা ৩৫৮ ৰানৰ প্ৰত্যুত্তৰত ভাৰতীয় বলিঙক একপ্ৰকাৰ নিৰ্বিষ কৰি ৬৬৯ ৰান কৰে ইংলেণ্ডে। ভাৰতৰ বিৰুদ্ধে ৩১১ ৰানৰ অগ্রগতি লাভ কৰে ঘৰুৱা দলটোৱে। চতুর্থদিনা বেটিং কৰিবলৈ নামি আৰম্ভণিতে দুটা উইকেট হেৰুৱাই চাপৰ মাজত পৰে ভাৰত। ক্ৰিছ ৱকছৰ চতুৰ্থ আৰু পঞ্চম বলত অগা-পিছাকৈ বিদায় লয় যশস্বী জয়ছোৱাল আৰু সাই সুদৰ্শনে। মধ্যাহ্ন ভোজনৰ সময়ত ভাৰতৰ ৰান আছিল ১ ৰানত ২ উইকেট। মেচ ৰক্ষা কৰিবলৈ কঠিন মানসিকতাৰে বেটিং কৰি সফল হয় ৰাহুল আৰু অধিনায়ক গিল। চতুর্থ দিনাৰ শেষত ৰাহুল ৮৭ ৰানত অপৰাজিত থকাৰ বিপৰীতে আনটো দিশত ৭৮ ৰান বেটিং কৰি আছিল গিলে। অৱশ্যে পঞ্চম দিনা বেন ষ্ট’কছৰ বলত ৯০ ৰানত বিদায় লয় ৰাহুলে।শেষ পর্যন্ত ২২৮টা বলত শতৰান অর্জন কৰে অধিনায়কগৰাকীয়ে। অৱশ্যে ইয়াৰ পিছত মাত্র ৩ ৰান যোগ দি জোফ্রা আৰ্চাৰৰ বলত আউট হয় তেওঁ। অধিনায়কৰ পথেৰেই দলক আগুৱাই নিয়ে দুই অলৰাউণ্ডাৰ জাদেজা আৰু ৱাশিংটন সুন্দৰে। দুয়োজনে দলক প্রথমে ইনিংছ পৰাজয়ৰ পৰা মুক্ত কৰে। ইয়াৰ পিছত দৃঢ়তাপূর্ণ বেটিঙেৰে দুয়োগৰাকীয়ে শতৰান অর্জন কৰে। জাদেজাই ১৮৫টা বলত ১০৭ ৰান আৰু ৱাশ্বিংটনে ২০৬টা বলত ১০১ ৰান কৰে। ইয়াৰ লগে লগে ভাৰতে ৪ উইকেটত ৪২৫ ৰান কৰা অৱস্থাত দুয়োটা দলৰ সন্মতিক্রমে মেচখন ড্র ৰূপে ঘোষণা কৰা হয়।