ত্ৰিপুৰাৰ সীমান্তত বিএছএফৰ গুলীত ২ বাংলাদেশী নিহত 

ত্ৰিপুৰাৰ সীমান্তত বিএছএফৰ গুলীত ২ বাংলাদেশী নিহত 

ৰঙিলী বাৰ্ত্তাসেৱা-  ত্ৰিপুৰা সীমান্তত আপত্তিজনক সামগ্ৰী সৰবৰাহ কৰা দুই বাংলাদেশী চোৰাং ব্যৱসায়ী বিএছএফৰ গুলীত নিহত হৈছে। বিএছএফৰ সূত্ৰই জনোৱা মতে, সৰবৰাহকাৰী তিনিজনে কাঁটাতাঁৰৰ বেৰ পাৰ হৈ বিপুল পৰিমাণৰ ভায়েগ্রা টেবলেট ভাৰতলৈ সৰবৰাহৰ চেষ্টা কৰিছিল। ইফালে, সেই এলেকাত টহল দি থকা অৱস্থাত বিএছএফৰ জোৱানে বাধা দিয়াত দুয়োগৰাকী চোৰাং ব্যৱসায়ীয়ে গুলী কৰাৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ গুলীত এজনৰ থিতাতে মৃত্যু হয়। বাকী দুজন চোৰাং ব্যৱসায়ীৰ এজনৰ চিকিৎসালয়ত মৃত্যু হয়। দুয়োগৰাকী চোৰাং সৰবৰাহকাৰীক বাংলাদেশৰ বাজপদুৱাৰ নিৱাসী। ইফালে, আহত চোৰাং ব্যৱসায়ীজনৰ লগতে বাকী দুজনৰ মৃতদেহ বিজিবিক গতাই দিছে বিএছফে। এই ঘটনাৰ পাছতে ত্ৰিপুৰাৰ সীমান্তত ব্যাপক উত্তেজনাই বিৰাজ কৰিছে। সমান্তৰালভাৱে সীমান্ত এলেকাত বৃদ্ধি কৰিছে নিৰাপত্তা।