ডিব্ৰুগড়ত আহোম সভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আহোম জনগোষ্ঠীয় সংগঠন সমুহৰ পিতৃ সংগঠন তথা ১৮৯৩ চনতে গঠিত সদৌ অসম আহোম সভা ডিব্রুগড় জিলা সমিতি কাৰ্য্যনির্বাহক সভাখনি ডিব্রুগড় চহৰৰ আমোলাপট্টিস্থিত হোটেল কেতেকীৰ সভাগৃহত অনুষ্ঠিত হয়। জিলা সভাপতি সভাপতি চাও ৰঞ্জিত বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা কাৰ্যনিৰ্বাহক সভাত কেন্দ্রীয় সমিতিৰ সভাপতি চাও শশাংক নেওগৰ উপস্থিতিত জিলা সমিতিৰ বিষয়ববীয়া, কাৰ্য্যনির্বাহক সদস্য/সদস্যা সকলৰ উপৰিও ২০ খন আঞ্চলিকৰ প্ৰতিনিধিৰে অংশ গ্রহণ কৰে। সভাত এই সময়ছোৱাৰ ৰাজ্যখনৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংগঠনিক দিশ সমূহ-বিশদ আলোচনা কৰি কেইটামান গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰি সংশ্লিষ্ট বিভাগ সমূহৰ লগত যোগাযোগৰ বাবে সভাই সিদ্ধান্ত গ্রহণ কৰে।বিশেষভাবে ডিব্রুগড় জিলাখনৰ অন্তৰ্গত আহোম যুগৰ কীৰ্তিচিহ্ন সমূহ বে-দখল মুক্ত সংৰক্ষণ আৰু সৌন্দয্যবর্দ্ধন কৰি পৰ্য্যটকৰ আকৰ্ষণ হোৱাকৈ গঢ়ি তুলিবলৈ সভাই অসম চৰকাৰক আহবান জনাই।এই ক্ষেত্রত জিলাখনত অৱস্থিত সামাজিক প্রতিষ্ঠান যেনে অইল ইণ্ডিয়া লিমিটেডত, বি.চি.পি.এল, অসম গেছ কোম্পানী আদিৰ দৰে প্ৰতিষ্ঠানত ডিব্ৰুগড় জিলা আহোম সভাই এই দিশত গুৰুত্ব প্রদান কৰিবলৈ বিশেষভাবে আহবান জনাইছে। ইয়াৰ উপৰিও পূর্ব সিদ্ধান্তসমূহ তাই আহোম জনগোষ্ঠীক জনজাতি মর্য্যদা প্রদান, তাই আহোমক স্বায়ত্ব শাসন প্রদান, বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠানত তাই আহোমৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, চৰকাৰী চাকৰিত মকৰল তাই আহোমৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰা ওপৰিও বিভিন্ন সামাজিক প্রতিষ্ঠান যেনে অইল ইণ্ডিয়া লিমিটেড, বি.চি.পি.এল.কে ধৰি এই প্রতিষ্ঠান সমূহত তাই আহোমৰ বাবে স্থায়ী মকৰলত আসন সংৰক্ষণ দাবী উত্থাপন কৰে। সাংগঠনিক দিশত পূৰ্বৰ জিলা অধিবেশনত অসম্পূর্ণ হৈ থকা জিলা সমিতিখনক আজি সভাই পূনাংগ ৰূপত গঠন কৰে। সেই অনুসৰি ডিব্ৰুগড় জিলা আহোম সভাৰ সভাপতি- চাও ৰঞ্জিত বৰুৱা, কাৰ্য্যকৰী সভাপতি- চাও বিভূতি বৰগোহাঁই, উপ-সভাপতি- সুৰুজ কুমাৰ গগৈ, ৰোহিতেশ্বৰ বৰুৱা, চৈতেন্ন দিহিঙ্গীয়া, সাধাৰণ সম্পাদক – দিগন্ত ফুকন, সহকাৰী সম্পাদক নীলিম সন্দিকৈ, ইন্দ্রকান্ত গগৈ, গজেন গগৈ, দুলাল গগৈ, দেৱ দুৱৰা, সাংগঠনিক সম্পাদক মৃদুপৱন লাহন, নিতুল গগৈ,প্রচাৰ সম্পাদক যোগানন্দ গগৈ, কোষাধ্যক্ষ পদ্মেশ্বৰ মোহন, সাংস্কৃতিক সম্পাদক গন্ধেশ্বৰ চমুৱা, কাৰ্য্যনির্বাহক সদস্য সর্বচাও সীমান্ত ফুকন, ভাস্কৰ গোহাঁই, দীপৰঞ্জন দুৱৰা, ৰূপেশ্বৰ গগৈ, ৰমেন গগৈ, হীৰেন চেতিয়া, ভুলেশ্বৰ বৰুৱা, মহিম কোঁৱৰ, মীনাক্ষী গগৈ, মণি গগৈ, মধুমিতা গগৈ, কল্যান গগৈ আৰু ৰূপজ্যোতি গগৈ সৰ্বসন্মতিক্ৰমে অন্তৰ্ভুক্ত কৰা হয়।