উপৰহালী ৰাজহুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ

উপৰহালী ৰাজহুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ 

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উপৰহালী গাওঁৰ ৰাজহুৱা পুখুৰীত আজি বিয়লি প্ৰায় ৪ মান বজাত এটি মৃতদেহ পানীত উপঙি থকা দৃষ্টিগোচৰ হয় সাধাৰণ জনতাৰ, মৃতদেহ প্ৰত্যক্ষ কৰা প্ৰত্যক্ষদৰ্শীৰ মাজত হুৱাদুৱা লগাৰ ফলত আৰক্ষীক অৱগত কৰোৱাত অৱশেষত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটি পুখুৰীৰ পৰা উদ্ধাৰ কৰে ৷ মৃতদেহটো উপৰহালী গাওঁৰ জেষ্ঠ মহিলা বিমলা তালুকদাৰ বুলি জানিব পৰা গৈছে ৷ উল্লিখিত যে পৰৱৰ্তীসময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব বিমলা তালুকদাৰে আচলতে আত্মহত্যা কৰিছে নে তেখেতৰ হত্যা হৈছে ?