উচ্ছেদ সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য
ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমান অসমৰ বিভিন্ন ঠাইত চলি থকা উচ্ছেদ সম্পৰ্কত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে- “চৰকাৰে চলোৱা উচ্ছেদ কাৰ্য্যত যদি কোনোবা ভাৰতীয় নাগৰিক আৰু অসমীয়া মানুহক উচ্ছেদ কৰিছে তেন্তে সেই প্ৰতিজন ভাৰতীয় নাগৰিক আৰু অসমীয়া মানুহক আইন অনুসৰি যিধৰণেৰে সংস্হাপন দিব লাগে দিয়ক।যদি এনে উচ্ছেদিতৰ মাজত বাংলাদেশী আছে তেন্তে সেই সকলক অসম চুক্তি অনুসৰি আইনী ব্যৱস্থাৰে বহিস্কাৰ (deport) কৰক। কিন্তু ইয়াৰ লগতে চৰকাৰে এটা কথা স্পষ্ট কৰক যে – চৰকাৰে যিমানক উচ্ছেদ কৰিছে,সেইসকলৰ কিমান ভাৰতীয় নাগৰিক আৰু কিমান বাংলাদেশী সেইকথা স্পষ্ট কৰক”।যোৱা ১০ বছৰে বিজেপি দলৰ চৰকাৰে কাক মাটি দিলে ? নিজৰ পৰিবাৰ আৰু ভাই-ককায়েক সকলক হে মাটি দিলে। যোৱা ১০ বছৰত মুখ্যমন্ত্ৰী কোটিপতি হৈ গ’ল।এইয়াই তেওঁলোকৰ সফলতা । এইসমূহ দেখি ৰাইজে বুজি উঠিছে আৰু সেয়েহে বিকল্পৰ চিন্তা কৰিছে।