মালদ্বীপৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ প্ৰধানমন্ত্ৰী মোদীৰ

মালদ্বীপৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মালদ্বীপৰ ৬০সংখ্যক স্বাধীনতা দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গ্রেট ব্রিটেইন ভ্রমণ সামৰি দুদিনীয়া ভ্রমণসূচীৰে মালদ্বীপত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক ৰাজকীয় আদৰণি জনোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দেশখনৰ ৰাজধানী মালেত আয়োজিত স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক অধিক উন্নীত হোৱাৰ আশা ব্যক্ত কৰে। মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ আমন্ত্রণমর্মে দেশ ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। দেশখনৰ স্বাধীনতা দিৱসৰ লগতে দুয়োখন দেশে কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰ উদ্যাপন কৰা উপলক্ষেই প্রধানমন্ত্রী মোদীয়ে দেশখন ভ্রমণ কৰিছে। প্রধানমন্ত্রী মোদীৰ এই ভ্রমণে মালদ্বীপৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাই নহয়, ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা আৰু শান্তি-সমৃদ্ধি বৃদ্ধিও পাব। ৰাষ্ট্ৰপতি মুইজুৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে উপ-ৰাষ্ট্ৰপতি উজ হুছেইন মহম্মদ লতিফৰ সৈতেও বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই আন্তঃগাঁথনি, প্রযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু বিদ্যুতকে ধৰি কেইবাটাও খণ্ডক লৈ আলোচনা কৰে।