দেশজুৰি শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

দেশজুৰি শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ে দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষার্থীৰ ক্রমবর্ধমান আত্মহননক লৈ উদ্বেগ প্রকাশ কৰিছে। এনেধৰণৰ ঘটনাসমূহ প্ৰতিৰোধকল্পে দেশৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, ছাত্রাবাস, ছাত্রীনিবাস, ক’চিং চেণ্টাৰসহ বিভিন্ন শিক্ষা প্রতিষ্ঠানৰ কাৰণে ১৫দফীয়া এক গাইডলাইন উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰি দিছে। এই গাইডলাইন সকলো শিক্ষা প্রতিষ্ঠানে এতিয়াৰে পৰা মানি চলাটো বাধ্যতামূলক হ’ব। সর্বোচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ- বৃহৎ পাঠ্যক্ৰম আৰু পৰীক্ষাৰ চাপ চম্ভালিব নোৱাৰি ছাত্ৰ-ছাত্ৰীসকলে আত্মহননৰ পথ বাছি লয়। আনকি বহুক্ষেত্রত শিক্ষা প্রতিষ্ঠানসমূহেও ভুক্তভোগীৰ পক্ষত অৱস্থান নকৰে। সেইকাৰণেই উচ্চতম ন্যায়ালয়ে ১৫দফীয়া গাইডলাইন প্রতিখন শিক্ষা প্রতিষ্ঠানে মানি চলাটো বাধ্যতামূলক কৰি দিছে। উল্লেখ্য যে দুবছৰ পূৰ্বে অন্ধ্রপ্রদেশত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থকা পশ্চিমবংগৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰিছিল। বিশাখাপট্টনমৰ এটা ক’চিং চেণ্টাৰত প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ছাত্ৰীগৰাকীয়ে। কিন্তু ইয়াৰ মাজতে ২০২৩ চনৰ জুলাই মাহত হোষ্টেলৰ চতুৰ্থ মহলাৰ ছাদৰ পৰা পৰি ছাত্ৰীগৰাকীৰ মৃত্যু হয়। আইনী খবৰ পৰিৱেশনকাৰী ৱেবছাইট ‘বাৰ এণ্ড বেন্স’ৰ বাতৰি অনুসৰি এই ঘটনাৰ তদন্তত আৰক্ষীয়ে একপক্ষীয় অৱস্থান গ্ৰহণ কৰাৰ অভিযোগ তুলি ছাত্ৰীগৰাকীৰ পিতৃয়ে অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। পিতৃৰ দাবী আছিল- ঘটনাৰ তদন্তভাৰ চিবিআইৰ হাতত ন্যস্ত কৰিব লাগে। কিন্তু সেই আৰ্জি অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত দুৰ্ভগীয়া পিতৃগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। অৱশেষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ দুজনীয়া খণ্ড বিচাৰপীঠে চিবিআইক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে উক্ত ১৫দফীয়া গাইডলাইন নির্ধাৰণ কৰি দিয়ে। সর্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হয় যে দেশত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ প্ৰৱণতা হ্রাস কৰিবলৈ কেন্দ্রীয়ভাৱে এটি আইনী পৰিকাঠামোৰ অভাৱ। প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজধানী দিল্লীৰ লগতে ৰাজস্থানৰ কোটা, জয়পুৰ, চিকাৰ, অন্ধ্রপ্রদেশৰ বিশাখাপট্টনম আৰু তেলেংগানাৰ হায়দৰাবাদলৈ আহে। কিন্তু সেই ছাত্ৰ-ছাত্ৰীসকলৰ বহুতে সাংঘাতিক ধৰণে মানসিক চাপত ভুগিবলীয়া হয়। এনে প্রেক্ষাপটত ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ হকে তাৎক্ষণিকভাবে এটি অন্তর্বর্তী ব্যৱস্থা গ্রহণ কৰাটো প্রয়োজন। ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত বোজা জাপি দিয়াটো শিক্ষা ব্যৱস্থাৰ কাম নহয়। ইয়াৰ পৰা মুক্তি দিয়াটোহে শিক্ষা ব্যৱস্থাৰ কাম। গ্রেড বা ৰেংকিং নহয়। শিক্ষার্থীৰ সামগ্রিক বিকাশে প্রকৃত সাফল্য বুলি নির্দেশনাত খণ্ড বিচাৰপীঠখনে উল্লেখ কৰিছে। উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়া গাইডলাইন অনুসৰি এতিয়াৰে পৰা শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ কাউন্সেলিং বাধ্যতামূলক হ’ব। সকলো শিক্ষা প্রতিষ্ঠানে সক্ৰিয় কৰি ৰাখিব লাগিব অভিযোগ গ্রহণ আৰু তাৰ প্ৰতিকাৰমূলক ব্যৱস্থা। শিক্ষাৰ্থীসকলৰ সৰু সৰু গোটৰ বাবে একোজন মেণ্টৰ বা কাউন্সিলৰ ৰাখিব লাগিব। বিশেষকৈ পৰীক্ষাৰ সময়ত আৰু শিক্ষা প্রতিষ্ঠানত নতুনকৈ অহাৰ সময়ত। মেণ্টৰ বা কাউন্সিলৰে গোপনে ছাত্র-ছাত্রীসকলক সাহায্য কৰিব লাগিব। যিসমূহ শিক্ষা প্রতিষ্ঠানত এশজনতকৈ অধিক শিক্ষার্থী থাকে, তাত কমেও এজন মনোবিজ্ঞানী অথবা সমাজকর্মী নিয়োগ কৰিব লাগিব। ইয়াৰ উপৰি আত্মহত্যা প্ৰতিৰোধ হেল্পলাইন সক্রিয় থাকিব লাগিব কেম্পাছ-ছাত্ৰাৱাস-ছাত্রীনিবাস। শিক্ষা প্রতিষ্ঠানৰ ৱেবছাইটত সেয়া আপলোড কৰাটো বাধ্যতামূলক। লগতে শিক্ষা প্রতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বছৰি কমেও দুবাৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। আত্মহত্যাৰ সম্ভাৱনা হ্রাস কৰাৰ লক্ষ্যৰে ছাত্ৰাৱাস-ছাত্ৰীনিৱাসসমূহত টেম্পাৰ-প্রুফ চিলিং ফেন লগোৱাৰ উপৰি ছাদ-বাৰাণ্ডাত প্ৰৱেশাধিকাৰ সীমিত কৰিব লাগিব। উল্লেখ্য যে নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্যতেই উন্মোচিত হৈছে দেশত সংঘটিত হোৱা আত্মহত্যাৰ তথ্য। ২০২২ চনত ভাৰতত মুঠ ১,৭০,৯২৪টা আত্মহত্যাৰ ঘটনা ঘটিছিল। যাৰ ভিতৰত ৭.৬ শতাংশ হাৰে ১৩,০৪৪জনেই শিক্ষার্থী। ইয়াৰে ২,২০০ জনতকৈ অধিকে পৰীক্ষাত ব্যৰ্থতাৰ কাৰণে আত্মহননৰ পথ বাছি লৈছিল। খণ্ড বিচাৰপীঠখনে স্পষ্ট কৰি দিয়া অনুসৰি, দেশত আনুষ্ঠানিকভাৱে আইন প্রণয়ন নোহোৱা পর্যন্ত উক্ত ১৫দফীয়া গাইডলাইন বলবৎ হৈ থাকিব।