সমগ্র অসমখন সন্দেহজনক মানুহে লোৱাটো বিচাৰে অখিল গগৈয়েঃ মন্ত্রী পীযূষ হাজৰিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে সন্দেহযুক্ত বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিয়ানক সমগ্ৰ ৰাজ্যবাসীয়ে সমর্থন কৰাৰ বিপৰীতে বেদখলকাৰীৰ পক্ষত থিয় দিছে বিধায়ক অখিল গগৈ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা এনে উচ্ছেদক অমানবীয় আখ্যা দিয়া অখিল গগৈয়ে উচ্ছেদকাৰীক ভূমি দিয়াৰো দাবী উত্থাপন কৰিছে। ৰাইজৰ দলৰ সভাপতিগৰাকীৰ এনে স্থিতিক লৈ সৰৱ হ’ল মন্ত্রী পীযূষ হাজৰিকা। বিটিআৰত নির্বাচনী প্রস্তুতি চলাই থকা পীযূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়- অখিল গগৈয়ে সন্দেহযুক্ত লোকে অসমখন লৈ লোৱাটো বিচাৰে, অসমৰ ভূমি লৈ যোৱাটো বিচাৰে। সন্দেহযুক্ত লোকে নামনি অসমখন লোৱাৰ পিছতো অখিল গগৈৰ গা শাত পৰা নাই। অখিল গগৈৰ মতে, উজনি অসমখনো লৈ ল’ব লাগে।কিন্তু সেয়া আমি হ’বলৈ নিদিওঁ। অখিল গগৈয়ে গোটেই অসমত সন্দেহযুক্ত লোকে ৰাজ্যখন লৈ লোৱাটো বিচাৰে। অসমীয়াৰ পৰা মাটি-বাৰী কাঢ়ি লোৱাটো বিচাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এয়া কেতিয়াও হ’বলৈ নিদিয়ে। স্বাভিমানী অসমীয়া ৰাইজ আজি সন্দেহযুক্ত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ওলাই আহিছে। উল্লেখ্য যে নামনি অসমত চলোৱা উচ্ছেদৰ পাছতে সন্দেহযুক্ত সংখ্যালঘুক লৈ ৰাজনীতি আৰম্ভ কৰা অখিল গগৈয়ে উচ্ছেদিতক লৈ চৰকাৰৰ বিৰুদ্ধে বৃহৎ ৰাজহুৱা সভাৰো প্ৰস্তুতি চলাইছে। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত সংখ্যালঘুৰ ভোটক লৈ ৰাজনীতি আৰম্ভ কৰা অখিল গগৈয়ে নামনি অসমত এইবাৰ সন্দেহযুক্ত ভোটাৰৰ ত্রাণকর্তা ৰূপত থিয় দিয়াক লৈও চলিছে চর্চা।