নগাঁৱতো শীঘ্ৰে চলিব উচ্ছেদ অভিযান

নগাঁৱতো শীঘ্ৰে চলিব উচ্ছেদ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাতো শীঘ্ৰে উচ্ছেদ অভিযান চলিব। নগাঁও জিলাৰ হাতীচোং মৌজাৰ দুটা স্থানত উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে। এনএছআৰচি/২০২৫/১৭৬ নম্বৰ আৰু এনএছআৰচি২০২৬/১৭৭ নম্বৰৰ জাননীৰ জৰিয়তে বেদখলকাৰীসকলক নির্দিষ্ট সময়ৰ ভিতৰত স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰে এখন জাননীত হাতীচোং মৌজাৰ বগৰীগুৰি গাঁও কিচামতত ৬২ আৰু ৬৩নং চৰকাৰী গ্রেজিং ৰিজাৰ্ভৰ মাটি বেদখল কৰি ঘৰ নিৰ্মাণ, কৃষিকর্ম কৰি থকা লোকসকলক বেদখলীকৃত ভূমি মুকলি কৰিবলৈ নিৰ্দেশ দিছে। আন এখন জাননীত হাতীচোং মৌজাৰে গৰৈমাৰী পথাৰ কিচামতৰ ৭২নং গ্রেজিং ৰিজাৰ্ভৰ মাটি বেদখল কৰাসকলক ভূমি বেদখলমুক্ত কৰিবলৈ নির্দেশ দিছে। এই নির্দেশ অমান্য কৰিলে আইনসংগতভাৱে ভূমি বেদখলমুক্ত কৰা হ’ব বুলি উল্লেখ আছে। একেদৰে চামগুৰি ৰাজহ চক্ৰ বিষয়াই দিয়া এছচি নং ০২/২০২৩/বেদখল/৩৩৮৬ নম্বৰৰ জাননীৰ জৰিয়তে খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাঁও কিচামতৰ ৩নং দাগৰ লগতে দাগৰ অংশ ৫২৮, ৫০৬, ৫০৫ আৰু ৬০৪ নং চৰকাৰী গ্রেজিং ৰিজাৰ্ভৰ মাটি বেদখল কৰি থকাসকলক বেদখলমুক্ত কৰাৰ নিৰ্দেশ দিছে। যোৱা ৫ জুলাইতো ধিং ৰাজহ চক্ৰ বিষয়াই আলিটাঙনি মৌজাৰ বলিকটীয়া কিচামতৰ ২৮৫নং চৰকাৰী দাগৰ আলিবাটৰ মাটি বেদখল কৰি ঘৰ সাজি থকা বেদখলকাৰীসকলক ৭ দিনৰ ভিতৰত বেদখুলমুক্ত কৰিবলৈ জাননী জাৰি কৰিছিল। একেদৰে বালিসত্ৰ ৰাজহ গাঁৱৰ ১৭৯নং দাগৰ চৰকাৰী ভূমি বেদখল কৰি ঘৰ সাজি, খেতি কৰি থকা লোকসকলকো ইতিমধ্যেই জাননী জাৰি কৰিছিল। কিন্তু উল্লেখিত ভূমি বেদখল কৰি থকা লোকসকলে ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল।