ডিব্ৰুগড়ত মন্ত্রী-মুখ্য সচিবৰ কাৰ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক উজনি অসমৰ ৰাইজৰ অধিক কাষলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আৰু প্ৰশাসনিক আন্তঃগাঁথনিৰ পৰিবৰ্ধনৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয় আৰু এটা সন্মিলন কেন্দ্ৰৰ শিলান্যাস কৰে। ডিব্ৰুগড়ৰ মাইজানৰ পল্টন বজাৰস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ কাষতে ৬৫ কোটি টকা ব্যয়েৰে এই প্রকল্পটো নিৰ্মাণ কৰা হ’ব। শিলান্যাসৰ পাছতে মুখ্যমন্ত্রী ড° শর্মাই কয় যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লোৱা প্ৰয়াসৰ অংশ হিচাপে প্রশাসনিক আন্তঃগাঁথনি নিৰ্মাণৰ এই পদক্ষেপ লোৱা হৈছে। আজি শিলান্যাস কৰা প্ৰকল্পটোত মন্ত্রীসকলৰ বাবে ২০টা কাৰ্যালয়ৰ লগতে থকা-খোৱাৰ সুবিধাসম্বলিত ১০টা কোঠা, ৩৫০খন আসনযুক্ত এটা সম্মিলন কেন্দ্ৰ আৰু ১২০খন আসনযুক্ত এটা সভাকক্ষ নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচি বসকলৰ কার্যালয় থাকিবলগীয়া দুমহলীয়া ভৱনটোত বিষয়াসকলৰ কাৰ্যালয় কক্ষ, এটা কৰ্মচাৰীৰ কার্যালয় কক্ষ, এটা সভাকক্ষ, গাড়ী পার্কিঙৰ সুবিধা আৰু অন্য প্রয়োজনীয় সা-সুবিধাবোৰ থাকিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে। তেওঁ পুনৰ কয় যে উজনি অসমত নাগৰিককেন্দ্ৰিক উন্নয়ন দ্রুততৰ কৰি বলৈ আৰু ৰাজ্য প্ৰশাসনক অঞ্চলটোৰ ৰাইজৰ অধিক ওচৰলৈ লৈ যোৱাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বড়া, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী প্ৰশান্ত ফুকন, পৰি বহণ মন্ত্রী যোগেন মহন, কেইবাগৰাকী বিধায়ক, অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু আন বিশিষ্ট ব্যক্তিসকল অনুষ্ঠানত উপস্থিত থাকে। আনহাতে, ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক পদক্ষেপ আৰু কল্যাণকামী আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্রী ড° শর্মাই সমষ্টিটোত আন্তঃগাঁথনি প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা, চৰকাৰৰ কল্যাণকামী আঁচনিৰ সুবিধা প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে লাভ কৰা, স্বাস্থ্য সেৱা আৰু শিক্ষাখণ্ডক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, জল জীৱন মিছন, অৰুণোদয় আৰু আয়ুষ্মান ভাৰত আঁচনিৰ ৰূপায়ণৰ তেওঁ বুজ লয়। তেওঁ লগতে পদ উৰণ সেতুৰ প্ৰয়োজনীয়তা আৰু অসম মালা প্ৰকল্পৰ অগ্রগতিকে ধৰি যাতায়াত সম্পৰ্কীয় বিষয়বোৰৰো পৰ্যালোচনা কৰে। মাৰ্ঘেৰিটা সমষ্টিৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ কাৰ্যক্ষমতা, আদর্শ অংগনৱাড়ী কেন্দ্ৰসমূহৰ সাম্প্ৰতিক অৱস্থাৰো তেওঁ বুজ লয়। মুখ্যমন্ত্রী ড° শর্মাই খহনীয়া ব্যৱস্থাপনাৰ বাবে চলি থকা প্রকল্পসমূহৰ বুজ লৈ সেইবোৰ খৰতকীয়াকৈ সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰখনে যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধত অগ্ৰাধিকাৰ দি কাম কৰি যাব। ইয়াৰ উপৰি মাৰ্ঘেৰিটাকে ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত বৰষুণ কম হোৱা আৰু খৰাং সদৃশ পৰিস্থিতি সৃষ্টি হোৱা ঘটনাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড° শর্মাই প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত হিতাধিকাৰী অন্তর্ভুক্তিৰ কাম ত্বৰান্বিত কৰি বলৈ জিলা আযুক্ত স্বপনীল পালক নির্দেশ দিয়ে। তেওঁ লগতে জিলা আয়ুক্তক এম জি এনৰেগাৰ অধীনত কামৰ সংখ্যা বৃদ্ধি কৰি বলৈ কয় যাতে অধিক লোকক জীৱিকা অৰ্জনৰ কামত নিয়োজিত কৰিব পৰা যায়। জন্মৰ প্ৰমাণ-পত্ৰ আৰু শিশুসকলক আধাৰ কাৰ্ড প্রদানৰো পর্যালোচনা কৰাৰ লগতে ৰাজহুৱা সেৱা প্রদানত সৃষ্টি হোৱা যিকোনো প্রত্যাহ্বান সমাধান কৰিবলৈ চৰকাৰে সম্পূৰ্ণ সহায় কৰিব বুলি তেওঁ আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই চৰকাৰী আঁচনিবোৰৰ সময়সাপেক্ষ ৰূপায়ণত গুৰুত্ব দিয়ে যাতে আঁচনিবোৰৰ সুবিধা তৃণমূল পর্যায়ত উপলব্ধ হোৱাটো নিশ্চিত হয়। তেওঁ পথ যোগাযোগ আৰু দলং নির্মাণ প্রকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়। সমষ্টিটোৰ শৈক্ষিক আন্তঃগাঁথনি আৰু শিক্ষকৰ খালী পদ সন্দর্ভতো মুখ্যমন্ত্রী ড° শর্মাই পর্যালোচনা কৰে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই আঁচনি আৰু প্ৰকল্প ৰূপায়ণত সৃষ্টি হ’ব পৰা যিকোনো বাধা তাৎক্ষণিকভাৱে দূৰ কৰা হ’ব বুলি নিশ্চিতি দিয়ে। সমাজৰ পিছপৰা লোকসকলে যাতে চৰকাৰী আঁচনিৰ সুবিধা সঠিকভাৱে লাভ কৰে সেই ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি সেৱা প্রদানত স্বচ্ছতা আৰু কাৰ্যকুশলতা নিশ্চিত কৰিবলৈ বিষয়াসকলক তেওঁ নির্দেশ দিয়ে। উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বড়া, বিধায়ক ভাস্কৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে।