উৰিয়ামঘাটৰ উচ্ছেদস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ উৰিয়ামঘাটত উপস্থিত হৈ অঞ্চলটোত বেদখলকৃত তথা চৰকাৰে উচ্ছেদৰ বাবে জাননী জাৰি কৰা অঞ্চলসমূহ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। অঞ্চলসমূহ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ স্পষ্ট মন্তব্য- উচ্ছেদ চলিয়েই থাকিব। উৰিয়ামঘাটৰ বিদ্যাপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়- মই আজি আছোঁ কাইলৈ নাই। সন্দেহজনক লোকৰ আগ্রাসন বন্ধ কৰিবলৈ দল-সংগঠন তথা ৰাইজেও কাম কৰিব লাগিব। তেওঁ কয় যে সমগ্র অঞ্চলটোত একো একোটা পৰিয়ালে ৩০০-৪০০ বিঘা পর্যন্ত ভূমি বেদখল কৰি আছে। এইক্ষেত্রত স্বাভাৱিকতে চৰকাৰ নীৰৱে থকা সম্ভৱ নহয়। চৰকাৰে বিহীত পদক্ষেপ গ্ৰহণ কৰিবই লাগিব। অঞ্চলটোৰ বেদখলকাৰীসকলক ভূমিহীন নাগৰিক নহয় বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে যে এই বেদখলকাৰীসকলৰ অন্যান্য স্থানতো ঘৰ-মাটি আছে। ভূমি বেদখল কৰি থকা লোকসকল মুখ্যতঃ কাছাৰ, শ্রীভূমি, ধুবুৰী, বৰপেটা, হোজাই, নগাঁও, মৰিগাঁও আদি জিলাৰ লগতে পশ্চিমবংগ আৰু বিহাৰৰ দৰে বহিঃৰাজ্যৰ পৰা আহিও এই ভূমি দখল কৰিছে। এই বেদখলকাৰীসকল প্রকৃততে কোন স্থানৰ পৰা আহিছে, সেয়া নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ নাম-ঠিকনা সংগ্ৰহ কৰি সংশ্লিষ্ট জিলাসমূহক অৱগত কৰা হ’ব। সেই জিলাসমূহৰ আয়ুক্তসকলে সেয়া নিশ্চিত কৰি প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিব। অৱশ্যে বেদখলকাৰীসকলৰ ৭০ শতাংশ লোকেই প্রশাসনলৈ সহযোগিতা আগবঢ়াই নিজে নিজে সেই স্থানৰ পৰা আঁতৰি গৈছে। ইফালে গোলাঘাট জিলাৰ নেঘেৰিবিলত চলি থকা বেদখল সন্দর্ভতো মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে যে বেদখল কৰা লোকসকললৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে। অহা দুই-তিনি দিনৰ ভিতৰত এই লোকসকল স্বেচ্ছাই আঁতৰি যাব। বেদখলকাৰীসকলে উৰিয়ামঘাট অঞ্চলক ড্ৰাগছ, চুৰি-ডকাইতি, মাৰণাস্ত্ৰ আদিৰ পয়োভৰেৰে এক অপৰাধৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ অভিযোগো মুখ্যমন্ত্ৰীয়ে লাভ কৰা বুলি উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয়- বেদখলকাৰীসকল আঁতৰি যোৱাৰ পিছত এতিয়া ৰাইজৰ সহযোগত অঞ্চলটোক এক শান্তিপূর্ণ অঞ্চল হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যাব। অঞ্চলটোত উপলব্ধ শিল-বালি, মূল্যৱান বনজ সম্পদ আদি বন বিভাগ আৰু প্ৰশাসনৰ জৰিয়তে চৰকাৰী নিয়ম মতে যাতে স্থানীয় যুৱক-যুৱতীসকলে ব্যৱসায় কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা কৰা হ’ব। নিয়মৰ পৰিধিৰ ভিতৰত থাকি কেনেদৰে ৰাইজ অঞ্চলটোৰ পৰা উপকৃত হ’ব পাৰে, তথা বেদখলমুক্ত ভূমিখিনিও যাতে সংৰক্ষিত হৈ থাকে আৰু বন বিভাগে বনানীকৰণৰ দৰে পদক্ষেপ গ্রহণ কৰিব পাৰে, তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অঞ্চলটোত বেদখলৰ নেপথ্যত থকা দুই-এগৰাকী ব্যক্তিক আটক কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্রীয়ে আজি স্পষ্ট কৰে যে ৰাজ্যৰ বিভিন্ন স্থানত এইদৰে বেদখলমুক্ত কৰিবলগীয়া অঞ্চলৰ এখন দীঘলীয়া তালিকা চৰকাৰৰ হাতত মজুত আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই হেলিকপ্টাৰযোগে সৰুপথাৰ সমষ্টিৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰত উপস্থিত হোৱাৰ পিছত ২নং মধুপুৰ অঞ্চললৈ যায়। এই ২নং মধুপুৰতে বেদখলকাৰীয়ে সৃষ্টি কৰা এখন বৃহৎ তামোল বাগান পৰিদৰ্শন কৰাৰ লগতে ড্রোনৰ সহায়ত উক্ত অঞ্চলটো পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সামাজিক মাধ্যমযোগে ৰাইজে নিজ নিজ অঞ্চলত হোৱা বেদখল উচ্ছেদৰ বাবে তেওঁক অনুৰোধ জনাইছে। মুখ্যমন্ত্রীয়ে কয়- কোনো অঞ্চলত বেদখল আৰম্ভ হোৱা প্ৰত্যক্ষ কৰিলেই সেয়া প্রশাসনক অৱগত কৰিব লাগে। ইতিমধ্যে হোৱা বেদখল উচ্ছেদৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিব। কিন্তু নতুনকৈ যাতে কোনো ঠাইত বেদখল হ’ব নোৱাৰে, তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ’ব লাগিব। ৰাজ্যৰ ভিজিআৰ,পিজিআৰ, সত্ৰ, নামঘৰ, বনভূমি আদিত হোৱা সকলো অবৈধ আগ্রাসন পদ্ধতিগত আৰু প্ৰণালীবদ্ধভাৱে পর্যায়ক্রমে বেদখলমুক্ত কৰা হ’ব। উৰিয়ামঘাটৰ এই বেদখল মুক্ত হ’লে বেদখলমুক্ত ভূমিৰ পৰিমাণ ডেৰ লাখ বিঘাৰো অধিক হ’ব। এই বেদখলমুক্তকৰণ পদক্ষেপত চুবুৰীয়া নাগালেণ্ড চৰকাৰেও প্রয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ কথা আজি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, বিশেষ মুখ্য সচিব (বন) এম কে যাদৱ, আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিং, জিলা আযুক্ত পুলক মহন্তকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।