ব্ৰিটেইন ভ্ৰমণ সামৰি মালদ্বীপত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ব্ৰিটেইন ভ্ৰমণ সামৰি মালদ্বীপত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰিটেইন ভ্ৰমণ সমাপ্ত কৰি দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে মালদ্বীপৰ মালেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৱে প্ৰধানমন্ত্ৰী মোদীক সাৱটি ধৰি আদৰণি জনায়। ইয়াৰ উপৰিও দেশৰ বৈদেশিক মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী আৰু গৃহ সুৰক্ষা মন্ত্ৰীও উপস্থিত হৈ প্ৰধানমন্ত্ৰীক আদৰণি জনায়। দেশখনত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক শিশুসকলে পৰম্পৰাগত নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনায়। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে জনোৱা মতে, ২০২৩ চনৰ নৱেম্বৰ মাহত মুইজুৱে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত চৰকাৰৰ কোনো মুৰব্বীৰ এইটোৱেই হৈছে প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণ ।  প্ৰধানমন্ত্ৰী মোদীয়ে দ্বীপ ৰাষ্ট্ৰখনৰ ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।আনহাতে,প্ৰধানমন্ত্ৰী মোদীৰ এই মালদ্বীপ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ দিশত পুনৰ এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি অনুমান কৰা হৈছে।  মালদ্বীপ ভ্ৰমণৰ এই সময়ছোৱাত মোদীয়ে ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ সৈতে বিস্তৃত আলোচনাত মিলিত হ’ব আৰু দ্বীপ ৰাষ্ট্ৰখনত ভাৰতৰ সহায়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীৰ দ্বীপ ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত ভাৰত আৰু মালদ্বীপৰ মাজত বিভিন্ন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব বুলি মালদ্বীপত থকা ভাৰতৰ উচ্চায়ুক্ত জি বালাসুব্ৰমণিয়ানে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, মালদ্বীপৰ একাংশ নেতাৰ নেতৃত্বত চলি থকা “ইণ্ডিয়া আউট” অভিযান আৰু ৰাষ্ট্ৰপতি মুইজুৰ চীন সমৰ্থক হোৱাৰ ফলত দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছিল। যাৰবাবে প্ৰধানমন্ত্ৰীগৰাকীৰ এই মালদ্বীপ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।