লণ্ডনত ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ চায় পে চর্চা

লণ্ডনত ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ চায় পে চর্চা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মচলা চাহ সেৱনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গ্রেট ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে চায় পে চৰ্চাৰে দুই দেশৰ মাজৰ গভীৰ সম্পৰ্কক প্রতিফলিত কৰি তুলিলে। গ্রেট ব্রিটেইন ভ্ৰমণৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ব্রিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনৰ চেকাৰ্ছ লনত স্থাপন কৰা চাহ ষ্টলত চাহ খায়। দুয়োগৰাকী প্রধানমন্ত্রীয়ে চায় পে চর্চাত বিভিন্ন বিষয়ক লৈ আলোচনা কৰে। ভাৰত আৰু গ্রেট ব্রিটেইনৰ মাজত ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হোৱাৰ ঐতিহাসিক ক্ষণৰ পাছতেই দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে চেকাৰ্ছ লনত স্থাপন কৰা চাহ ষ্টলত ভাৰতীয় মচলা চাহত চুমুক দিয়ে। চেকার্ড লনত স্থাপন কৰা চাহ ষ্টলৰ গৰাকী হৈছে ভাৰতীয় বংশোদ্ভৱ তথা অমলা চাহৰ প্ৰতিষ্ঠাতা অখিল পেটেল। চাহ ষ্টললৈ আগবাঢ়ি যোৱা প্রধানমন্ত্রী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক আদৰণি জনায় অখিল পেটেলে। উষ্ম আদৰণি জনাই অখিল পেটেলে গৌৰৱেৰে কয়- আমাৰ চাহৰ উৎস ভাৰত। কিন্তু লণ্ডনত চাহ বনোৱা হৈছে। এই বাৰ্তাৰ পাছতে অখিল পেটেলে প্রধানমন্ত্রীক চাহৰ কাপ এটি দি পৰিৱেশ আকর্ষণীয় কৰি তোলে। প্রধানমন্ত্রী মোদীক পেটেলে কয়- এজন চায়ৱালাৰ পৰা আন এজনলৈ। এই বাক্যশাৰীয়ে প্রধানমন্ত্রীক আৱেগিক কৰি তোলে। কিয়নো এজন ক্ষুদ্র চাহ দোকানীৰ পৰা মোদীৰ দেশৰ প্রধানমন্ত্রীলৈ এক বর্ণিল যাত্রা। পেটেলৰ বাক্যত প্রধানমন্ত্রী মোদীয়ে হাস্যবদনে সঁহাৰি জনায়। চাহত চুমুক দি প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে সুস্বাদু বুলি কৈ চাহক ভূয়সী প্রশংসা কৰে। এই দৃশ্যৰাজি পাছলৈ প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰে। প্রধানমন্ত্রী মোদীয়ে কয়- চেকাৰ্ছত প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰৰ সৈতে চায় পে চর্চা… ভাৰত আৰু গ্রেট ব্রিটেইনৰ সম্পৰ্ক শক্তিশালী ৰূপত উজ্জীবিত।  ইপিনে, অখিল পেটেলে ২০১৯ চনত অমলা চাহ প্রতিষ্ঠা কৰিছিল। ভাৰতৰ অসম আৰু কেৰালাৰ পৰা চাহপাত নি পেটেলে ব্রিটেইনত মচলা চাহ পৰিৱেশন কৰি দেশখনত জনপ্রিয় হৈছে।