দিল্লীত অমিত শ্বাহ- জে পি নাড্ডাৰে বৈঠক অগপ নেতৃত্বৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ মিত্ৰতাক লৈ বিজেপিৰ শীর্ষ নেতৃত্বৰ সৈতে অগপ নেতৃত্বই প্ৰাৰম্ভিক আলোচনা আৰম্ভ কৰি দিছে। মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে হোৱা এখন বৈঠকৰ পিছত বুধবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে অগপ সভাপতি অতুল বৰাই মিত্ৰতাক লৈ আন এক আলোচনাত মিলত হয়। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাও উপস্থিত থাকে। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ ক্রমে ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্রসাদ বৈশ্যও অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত সাংবাদিকৰ আগত অগপ সভাপতি অতুল বৰাই কয় যে আমি দীর্ঘদিন ধৰি বিজেপিৰ সৈতে মিত্রতাত আছোঁ। ২০২৬ চনতো অগপ-বিজেপিৰ এই মিত্ৰতা অটুট থাকিব। লক্ষণীয়ভাৱে অমিত শ্বাহ আৰু নাড্ডাৰ সৈতে হোৱা বৈঠকখন সৌহার্দ্যমূলক আছিল বুলি বৰাই জানিবলৈ দিয়ে যদিও মিত্রতা সন্দর্ভত কি কি আলোচনা হৈছে সেই সন্দর্ভত বিতংকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। জানিব পৰা মতে, আগন্তুক বিধানসভা নির্বাচনত অগপই যাতে ২০২১ চনত লাভ কৰা আসনসমূহ পুনৰ লাভ কৰে সেই সন্দর্ভত অগপ নেতৃত্বই শ্বাহ আৰু নাড্ডাৰ আগত আর্জি জনায়। বিভিন্ন সমষ্টিত অগপৰ তৃণমূল পৰ্যায়ৰ নেতা-কর্মীসকলৰ মনত থকা ক্ষোভৰ কথাও অগপ নেতৃত্বই শ্বাহৰ আগত দাঙি ধৰি আসন বুজাবুজিৰ ক্ষেত্ৰত বিজেপিক নমনীয় স্থিতি গ্রহণ কৰিবলৈ বৰাই আহ্বান জনায়। বৈঠকত উপস্থিত থকা এজন অগপ নেতাই প্ৰকাশ কৰা মতে, আসন বুজাবুজিৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিক এতিয়াৰে পৰা পতিয়ন নিবলৈ শ্বাহে অগপ নেতাসকলক পৰামৰ্শ প্রদান কৰে। ইপিনে বৰাই প্ৰকাশ কৰা মতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বহুতো উন্নয়নমূলক কাম কৰি আছে। খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ বুলিও বৰাই মত ব্যক্ত কৰে। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও অসমক পূর্ণ সমর্থন আগবঢ়োৱা বুলি মত ব্যক্ত কৰি বৰাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণেৰে কেন্দ্ৰই অসমত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব পাৰিছে। অসমত চলি থকা উচ্ছেদ অভিযানক সম্পূর্ণ সমর্থন আগবঢ়াই বৰাই কয় যে এই উচ্ছেদ অভিযান কেতিয়াও অবৈধ হ’ব নোৱাৰে। সত্ৰৰ ভূমি, বনাঞ্চল বেদখলকাৰীৰ পৰা মুক্ত কৰিবই লাগিব। বেদখলকাৰীসকলৰ ভিতৰত কিছু অবৈধ বাংলাদেশী থকা বুলিও বৰাই সন্দেহ ব্যক্ত কৰে। আনহাতে আসন বুজাবুজিক লৈ অগপৰ তৃণমূল পর্যায়ত থকা ক্ষোভৰ কথাও বৰাই আজি স্বীকাৰ কৰিছে। এই সন্দৰ্ভত তেওঁ কয় যে মিত্রতা থাকিলে বুজাবুজিৰ ক্ষেত্রত কিছু অসন্তুষ্টি থাকিবই। এয়া কোনো অস্বাভাৱিক বিষয় নহয়। আমি তেওঁলোকৰ আৱেগ-অনুভূতিক মর্যাদা দি আহিছোঁ তথা আগন্তুক দিনতো দি থাকিম।