ৰাছিয়াৰ যাত্রীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ যাত্রীবাহী বিমান এখন দেশখনৰ পূব প্ৰান্তৰ আমুৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। আমুৰ অঞ্চলত দুর্ঘটনাত পতিত হোৱা বিমানখনত থকা ৫০জন যাত্ৰীৰে কৰুণ মৃত্যু ঘটা বুলি ঘোষণা কৰা হৈছে। ৰাছিয়াৰ বিমান নিয়ন্ত্রণ বিভাগে প্রকাশ কৰা মতে, ৰাছিয়াৰ এ এন ২৪ যাত্রীবাহী বিমানখন দেশখনৰ পূব প্ৰান্তৰ আমুৰ অঞ্চলত সন্ধানহীন হৈ পৰে। বিমানখন উক্ত অঞ্চলত প্ৰৱেশ কৰাৰ পাছতে ৰাডাৰৰ পৰা বিচ্ছিন্ন হৈ যায়। আংগাৰা এয়াৰলাইনছে পৰিচালনা কৰি থকা বিমানখন চীনৰ সীমান্তৰ আমুৰ অঞ্চলৰ তিনডা চহৰলৈ গৈ থকা অৱস্থাতে দুর্ঘটনাত পতিত হয়। নিৰ্ধাৰিত লক্ষ্যত অৱতৰণ কৰিবলৈ মাত্ৰ কেইকিলোমিটাৰ থকা অৱস্থাতে বিমানখনে ৰাডাৰৰ পৰা বিচ্ছিন্ন হৈ দুর্ঘটনাত পতিত হয়। নিউয়র্ক পোষ্টত প্ৰকাশ কৰা মতে, পাইলটৰ ভুলৰ বাবে বিমানখন অৱতৰণৰ পূর্বে দুর্ঘটনাত পতিত হৈছে। বিমানখনৰ ধ্বংসাৱশেষৰ আশে-পাশে জৰুৰীকালীন সেৱাৰ জোৱান-কর্মীয়ে উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। দুর্ঘটনাত পতিত হোৱা যাত্রীবাহী বিমানখনত ৬জন বিমান কৰ্মচাৰী থকাৰ লগতে ৬ শিশুসহ ৪৩জন যাত্রী আছিল।