ৰাজপথতে ঢলি পৰি মৃত্যু এজন আৰক্ষী জোৱানৰ

ৰাজপথতে ঢলি পৰি মৃত্যু এজন আৰক্ষী জোৱানৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উৎকট গৰম দহিছে সমগ্ৰ ৰাজ্য। উৎকট গৰমৰ মাজতে গুৱাহাটীত কৰুণ ঘটনা।মহানগৰীৰ  দীঘলীপুখুৰীপাৰৰ পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে অসম আৰক্ষীৰ এজন জোৱানে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত জোৱানজন কাহিলিপাৰাৰ দশম অসম আৰক্ষী বেটেলিয়নৰ হিতেশ্বৰ কলিতা। ৰাতিপুৱা প্রায় ১০.৩০ বজাত জোৱানজনে পদব্রজে দীঘলীপুখুৰীপাৰৰ কাষৰ পথেৰে সন্দিকৈ মহাবিদ্যালয় অভিমুখে গৈ থকা অৱস্থাতে ঢলি পৰে। স্থানীয় ৰাইজে লগে লগে মূৰত পানী ঢালি জোৱানজনক সুস্থ কৰিবলৈ চেষ্টা কৰে যদিও তাতেই তেওঁৰ মৃত্যু হয়। লগে লগে ৰাইজে পাণবজাৰ থানাত এই বিষয়ে অৱগত কৰে। পাণবজাৰ আৰক্ষীয়ে সদৰী কৰা মতে, জোৱানজনে শাৰীৰিক অসুস্থতাৰ বাবে বেটেলিয়নৰ পৰা ছুটী লৈ নলবাৰীৰ গেলপাঝাৰত থকা ঘৰলৈ বুলি যাবলৈ ওলাই আহিছিল। পিন্ধনত হাফপেন্ট আৰু সেউজীয়া ৰঙৰ চাৰ্ট পৰিহিত জোৱানজনে কান্ধত এটা নীলা ৰঙৰ বেগ লৈ খোজকাঢ়ি পথটোৰে গৈ আছিল। স্থানীয় লোকে জানিবলৈ দিয়া মতে, জোৱানজনে পথটোৰ কাষত থকা এজন ৰিক্সাৱালাৰ পৰা পানী খাবলৈ বিচাৰিছিল। তাৰ কিছুসময় পিছতে জোৱানজন পথৰ ওপৰতে ঢলি পৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে আজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত উৎকট গৰমে পথচাৰীসকলৰ লগতে যান-বাহনত অহা-যোৱা কৰা ৰাইজকো যথেষ্ট সমস্যাত পেলাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত আজি দিনৰ ভাগত সর্বোচ্চ তাপমাত্রা আছিল ৩৭.৬ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা হৈছে ২৮.৫ ডিগ্রী চেলছিয়াছ। কিন্তু তাপমাত্রা ৩৭.৬ ডিগ্রী হ’লেও প্রায় ৫০ ডিগ্ৰীৰ ওপৰত গৰম অনুভৱ হৈছিল। এই গ্রীষ্মপ্ৰৱাহ আগন্তুক কেইবাদিনলৈ অব্যাহত থাকিব বুলি সতর্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এফালে শাৰীৰিক অসুস্থতা আৰু আনফালে প্রচণ্ড গ্রীষ্মপ্রৱাহ এই দুয়োটাৰ পৰিণতিতে দুর্ভাগ্যজনকভাৱে আৰক্ষীৰ জোৱানজনে মৃত্যুক সাবটিবলগীয়া হয়। মৃত জোৱানজনে ২০১৩ চনত অসম আৰক্ষীত যোগদান কৰিছিল বুলি জানিব পৰা গৈছে।