ডুবাইত এছিয়া কাপ আয়োজন কৰিবলৈ সাজু বিচিচিআই

ডুবাইত এছিয়া কাপ আয়োজন কৰিবলৈ সাজু বিচিচিআই

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপ ২০২৫ ক লৈ দীৰ্ঘদিন ধৰি চলি থকা চৰ্চাৰ অন্ত পৰিল।  পেহেলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ পিছতে এছিয়া কাপ আয়োজনক লৈ থকা অনিশ্চয়তাৰ অন্ত পৰিল। বৃহস্পতিবাৰে ঢাকাত অনুষ্ঠিত এছিয়ান ক্রিকেট পৰিষদৰ বাৰ্ষিক সাধাৰণ সভাত এছিয়া কাপৰ সন্দৰ্ভত আলোচনা কৰা হয় য’ত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিষয়াসকলে ভার্চুৱেলী অংশগ্রহণ কৰে। আয়োজক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডে নিৰপেক্ষ স্থানত প্রতিযোগিতাখন আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰি ডুবাই আৰু আবুধাবিক সম্ভাব্য স্থান হিচাপে চিনাক্ত কৰিছে। এমিৰেটছ ক্রিকেট ব’ৰ্ডৰ সৈতে তিনিটা স্থান ব্যৱহাৰৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে যদিও এছিয়া কাপৰ বাবে মাত্র দুটা স্থান ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লা আৰু এছিয়ান ক্রিকেট কাউঞ্চিলৰ অধ্যক্ষ মহছিন নাকভিয়ে অহা কেইদিনমানৰ ভিতৰত প্ৰতিযোগিতাখনৰ স্থান আৰু তাৰিখ চূড়ান্ত কৰিব। সূত্র অনুসৰি প্রতিযোগিতাখনত দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান একেটা গ্রুপত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অর্থাৎ গ্রুপ পর্যায়ত দুয়োদলৰ মাজত খেল হোৱাটো প্রায় নিশ্চিত। প্রতিযোগিতাখন অহা ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াত ৮টা দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাৰ বাবে ভাৰত, আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান পূৰ্ণকালীন সদস্য। একে সময়তে এ চি চি প্ৰিমিয়াৰ কাপ বিজয়ী দল হংকং, ওমান আৰু ইউ এ ইয়েও ইয়াত অংশগ্ৰহণ কৰিব।