ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাত
ৰঙিলী বাৰ্ত্তাসেৱা- নিশা গুৱাহাটী মহানগৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। মহানগৰীৰ ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্রিক সংঘাতৰ বাবে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৬ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা আব্দুল হাফিজ আৰু সুমিতা বেগমৰ পাৰিবাৰিক সংঘাতে যোৱানিশা মহানগৰীৰ মাজমজিয়াত চূড়ান্ত ৰূপ লয়। জানিব পৰা মতে, দীর্ঘদিন ধৰি দুয়োৰে মাজত সংঘাত হৈ আহিছিল। পাৰিবাৰিক সংঘাতৰ বাবে বৃহস্পতিবাৰে নিশাও পত্নীক মাৰপিট কৰে আব্দুলে। মাৰপিটৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছিল মহিলাগৰাকীৰ মাতৃগৃহৰ লোক। উত্থাপিত অভিযোগ অনুসৰি পত্নীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাত আব্দুল হাফিজে প্ৰায় ৩০-৪০জন বন্ধুৰে মিলি পত্নীৰ পৰিয়ালক আক্ৰমণ কৰে। ঘটনাত ডেগাৰেৰে কৰা আক্ৰমণত আহত হয় তিনিজন লোক। দলবদ্ধ আক্রমণৰ ঘটনাত গুৰুতৰভাৱে আহত হয় নছিব আলী। নছিব আলীক সংকটজনক অৱস্থাত হাস্পতালত ভর্তি কৰোৱা হয়। বন্ধুৰ সৈতে মিলি পত্নীৰ পৰিয়ালক দলবদ্ধ আক্ৰমণ কৰি পলায়ন কৰে আব্দুলে। সচিবালয়ৰ এগৰাকী বিষয়াৰ গাড়ীচালক আব্দুল হাফিজ। অভিযুক্ত আব্দুল হাফিজৰ ঘৰ হাজোত। নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।