বঙাইগাঁৱত অভিযন্তা যোষিতা দাসৰ আত্মহননে জোকাৰিছে সমগ্ৰ ৰাজ্য

বঙাইগাঁৱত অভিযন্তা যোষিতা দাসৰ আত্মহননে জোকাৰিছে সমগ্ৰ ৰাজ্য

ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁৱৰ ভাৰাঘৰত লোকনিৰ্মাণ বিভাগ (গৃহ)ৰ সহকাৰী অভিযন্তা যোষিতা দাসে আত্মহনন কৰা ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। বিশেষকৈ শীর্ষ বিষয়াৰ পৰা কৰ্মস্থানত লাভ কৰা অত্যধিক হেঁচাৰ বাবেই যোষিতাই আত্মহনন কৰাৰ পাছতে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। বিশেষকৈ কিছুদিন পূর্বে বঙাইগাঁও জিলাৰ পৰা বদলি হোৱা তদানীন্তন কার্যবাহী অভিযন্তা দীনেশ শর্মা মেধি আৰু এছডিঅ’ আমিনুল ইছলামক জগৰীয়া কৰি আত্মহননৰ পূৰ্বে যোষিতাই ছুইচাইড নোট লিখি থৈ গৈছে। উত্থাপিত অভিযোগ অনুসৰি বদলিৰ পাছতে ঠিকাদাৰৰ পৰা কমিছন লাভ কৰাটো নিশ্চিত কৰাৰ বাবেই দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামে কাম সম্পূর্ণ নোহোৱাকৈ বিলত চহী কৰিবলৈ যোষিতাক তীব্র হেঁচা প্রদান কৰিছিল। আনকি যোষিতাৰ মাতৃয়েও সংবাদ মাধ্যমৰ সন্মুখত এই অভিযোগ উত্থাপন কৰিছে। যোষিতাৰ মাতৃয়ে প্রকাশ কৰা অনুসৰি আত্মহনন কৰা অভিযন্তাগৰাকীয়ে প্ৰায়ে কামৰ ক্ষেত্ৰত লাভ কৰা হেঁচাৰ কথা তেওঁৰ আগত প্ৰকাশ কৰিছিল। যোষিতাৰ মাতৃয়ে কয়- নির্মাণকাৰ্যৰ ১২ এমএম ৰডৰ ঠাইত ১০ এমএম ৰড লগাইছিল। এই কথা যোষিতাই কাম কৰি থকা মিস্ত্রীসকলকো কৈছিল। আৰ্হি অনুসৰি কিয় নিৰ্মাণ কৰা হোৱা নাই ষ্টেডিয়ামখন? তেতিয়া মিস্ত্রীয়ে কৈছিল যে ছাৰহঁতৰ লগত সকলো কথা হৈ গৈছে। প্রকৃতাৰ্থত তেওঁলোকৰ ভাগৰ পইচা নোপোৱাৰ বাবেই যোষিতাক তীব্র হেঁচা দিছিল। কাম শেষ নকৰাকৈ কেৱল বিল আদায় দিব লাগে। যোষিতাই কৈছিল- কাম নোহোৱাকৈ মই কেনেকৈ এষ্টিমেট বনাই দিম? যোষিতাই কামৰ হেঁচাত শোৱা-খোৱা পর্যন্ত বাদ দিবলগীয়া হৈছিল। উল্লেখ্য যে ২০২৩ চনৰ ১১ ডিচেম্বৰত যোষিতাই অভিযন্তা হিচাপে বিভাগটোত যোগদান কৰিছিল। প্ৰথমে বজালীত তেওঁ কৰ্মৰত হৈ আছিল যদিও ৬-৭ মাহমানৰ পূৰ্বে অভিযন্তাগৰাকীক বঙাইগাঁৱলৈ বদলি কৰা হৈছিল। বঙাইগাঁৱত নাবাৰ্ডৰ ইনফ্রাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট এছিষ্টেটৰ জৰিয়তে এনআইডিএৰ অধীনত বৰ্ষণ গাঁৱত ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। যাৰ ব্যয় ১২ কোটি টকা ধাৰ্য কৰা হৈছিল। পূর্বে এই ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম তদাৰক কৰিছিল ক্রমে আমিনুল ইছলাম আৰু দীনেশ শর্মা মেধিয়ে। অৱশ্যে কিছুদিন পূর্বে দুয়োকে জিলাখনৰ পৰা বদলি কৰা হৈছিল। আমিনুল ইছলামক লোকনির্মাণ বিভাগৰ মুখ্য কার্যালয়লৈ আৰু দীনেশ শর্মা মেধিক নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ বদলি কৰা হৈছিল। অৱশ্যে বদলি কৰাৰ পাছতো তেওঁলোকে সেই স্থান ত্যাগ কৰিব বিচৰা নাছিল। কাৰণ তেতিয়াও মিনি স্টেডিয়ামৰ কাম সম্পূৰ্ণ হোৱা নাছিল আৰু বিল ঠিকাদাৰে লাভ কৰা নাছিল। সেই সময়তে জিলাখনলৈ বদলি হৈ অহা যোষিতাই ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি যথেষ্ট আসোঁৱাহ আৰু অনিয়ম দেখি হতভম্ব হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত তেওঁ ৬৬ শতাংশ কাম সম্পূর্ণ হোৱা ষ্টেডিয়ামখনৰ নামত বিল আদায় দিবলৈ বিবুধিত পৰিছিল। ছুইচাইড নোটত যোষিতাই সেই কথা স্পষ্টভাবে লিখি থৈ গৈছে। ছুইচাইড নোটত তেওঁ লিখিছে যে তেওঁক দিয়া প্রাক্লনত গুৰুতৰ বিসংগতি আৰু নিয়ম ভংগ কৰা হৈছিল। আনকি ঠিকাদাৰৰ ফালৰ পৰা নিৰ্মাণ স্থানত কোনোধৰণৰ অভিযন্তা নিয়োগ কৰা হোৱা নাছিল বুলিও তেওঁ উল্লেখ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণকাৰ্যত শ্রমিকক নির্দেশ দিয়াৰ পৰা সকলো কাম যোষিতাই অকলেই কৰিব লগা হৈছিল। উল্লেখ্য যে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে বঙাইগাঁও আৰক্ষীয়ে দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামক নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে। বঙাইগাঁও সদৰ থানাত দুয়োজন বিষয়াক জেৰা চলোৱা হয়। জিলাখনৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাই নিজে থানাত উপস্থিত হৈ দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামক জেৰা কৰে। জেৰাৰ অন্তত দুয়োকে বঙাইগাঁও আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক আদালতে জে’ল-হাজোতলৈ প্ৰেৰণ কৰে। ইফালে সমগ্র ঘটনা সন্দৰ্ভত বঙাইগাঁৱৰ কাৰ্যবাহী অভিযন্তা পংকজ কুমাৰ ৰায়ে প্রতিক্রিয়া প্ৰকাশ কৰিছে। দীনেশ শর্মা মেধিৰ স্থানত নতুনকৈ যোগদান কৰা পংকজ কুমাৰ ৰায়ে অৱশ্যে যোষিতাই উত্থাপন কৰা অভিযোগসমূহ নস্যাৎ কৰি বিভাগীয় কাম-কাজত দুর্নীতি হোৱা নাই বুলি উল্লেখ কৰে। ৰায়ে এই সন্দর্ভত কয়- এতিয়া বিষয়টো তদন্তৰ আওতাত আছে। এতিয়াই একো ক’ব নোৱাৰি। তদন্ত শেষ হ’লে আমি বিষয়টো জনাম। তেওঁলোকে বদলিৰ পিছত ইয়াত কাম কৰি থকাৰ কোনো তথ্য আমাৰ ওচৰত নাই। দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামে হেঁচা দিয়া সন্দৰ্ভতো মোৰ ওচৰত কোনো তথ্য নাই। যোষিতাৰ পৰিয়ালৰ মন্তব্যৰ ওপৰত মই একো ক’ব নোৱাৰিম। তদন্তৰ পিছতহে ক’ব পাৰিম। ষ্টেডিয়ামৰ কাম-কাজ যোষিতাই চাই আছে। তেওঁ ভাল অভিযন্তা আছিল আৰু কামসমূহ নিয়াৰিকৈ চাইছিল। প্রাক্কলনত চহী কৰিবলৈ হেঁচা দিয়া সন্দৰ্ভত আমি জ্ঞাত নহয়। কালিৰ ঘটনাটো অনাকাংক্ষিত। লোকনিৰ্মাণৰ কাম নিয়মতে কৰা হয় আৰু ইয়াত কোনো দুর্নীতি হোৱা নাই। ছুইচাইড নোটত কি লিখিছে মই ক’ব নাযাওঁ। যোষিতাই কোৱাৰ নিচিনাকৈ মই কামত কোনো আসোঁৱাহ পোৱা নাই। আনহাতে কালি যোষিতাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি গুৱাহাটীৰ শিলপুখুৰীৰ পৰিয়ালক হস্তান্তৰ কৰা হয়। এক শোকাকুল পৰিৱেশৰ মাজেৰে যোষিতাৰ অন্ত্যেষ্টিক্রিয়া নৱগ্ৰহত সম্পন্ন কৰা হয়। অৱশ্যে তেওঁৰ মৃত্যুৰ পাছতে সমগ্ৰ ঘটনাই এক নতুন মোৰ লোৱাৰ দিশে গতি কৰিছে। নিম্নমানৰ সা-সামগ্ৰীৰে ষ্টেডিয়ামখন ঠিকাদাৰে নিৰ্মাণ কৰা বুলি উত্থাপিত অভিযোগৰ সত্যাসত্যতা তদন্তৰ অন্তত পোহৰলৈ আহিব। ছুইচাইড নোটত যোষিতাই উল্লেখ কৰা ধৰণে ডিপিআৰ মতে স্টেডিয়ামখনৰ নিৰ্মাণৰ কাম আগবাঢ়িছিল নে নাই, সেয়াও তদন্তৰ প্ৰতিবেদনত স্পষ্ট হ’ব।