ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় সচিবালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত ৰাজ্যিক কেবিনেটে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।  এই কেবিনেট বৈঠক সম্পর্কে সবিশেষ সদৰী কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষাৰ সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে বিশ্ব বেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণ ল’ব। মুখ্যতঃ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে অসমঃ বিদ্যালয় শিক্ষা আৰু শিশুৰ কল্যাণ প্রকল্প নামৰ ২,৭৫০ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত প্রশিক্ষিত শিক্ষক, বিজ্ঞান-প্রযুক্তি আৰু সঠিক শ্ৰেণীকোঠা ব্যৱস্থাপনা দক্ষতাৰ দিশত প্রাধান্য দি ৪০০খন নতুন বিদ্যালয় আৰু ১,৭৩৩ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। কেবিনেট সিদ্ধান্ত সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়-এই প্ৰকল্পৰ বাবে বিশ্ব বেংকৰ পৰা ৰাজ্য চৰকাৰে ২,৭৫০ কোটি টকাৰ যি ঋণ ল’ব, তাৰ ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে ওভতাই দিব। অৰ্থাৎ ৰাজ্য চৰকাৰে এই ঋণ পৰিশোধ কৰিব লাগিব মাত্র ২৭৫ কোটি টকা। এই ঋণেৰে শিক্ষকসকলক বিজ্ঞান-গণিতৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ লগতে প্রধান শিক্ষক-অধ্যক্ষসকলক মেনেজমেন্ট প্রশিক্ষণ দিয়া, ছায়েঞ্চ এণ্ড টেকন’লজীৰ ওপৰত কাম আৰু ড্রপআউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ’ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ ৪০০খন নতুন বিদ্যালয় সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ তিনি কোটিৰ পৰা পাঁচ কোটি টকা ব্যয় কৰা হ’ব আৰু ১,৭৩৩ অংগনৱাড়ী কেন্দ্ৰকো সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰত ২৫ লাখ টকা ব্যয় কৰা হ’ব। আনহাতে আজি কেবিনেটে আৱাসিক অট্টালিকাত কল্যাণমূলক কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুসৰি বিধায়কৰ স্থানীয় এলেকা উন্নয়ন আৰু সংহত পুঁজিৰ জৰিয়তে আৱাসিক অট্টালিকাৰ আৱাসীসকলে চৰকাৰী কল্যাণ আঁচনিৰ লাভ সুনিশ্চিত কৰিবলৈ অট্টালিকাৰ সামূহিক কল্যাণমূলক আঁচনিত কেবিনেটে অনুমোদন জনায়। এই আঁচনিৰ অধীনত আভ্যন্তৰীণ পথ নিৰ্মাণ, অবিৰত পানী আৰু বিদ্যুৎ যোগান, নিৰাপত্তা ব্যৱস্থা আদি কাৰ্যকলাপ গ্ৰহণ কৰা হ’ব। এই সিদ্ধান্ত সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ৰাজ্যৰ কেইবাখনো চহৰত গঢ় লৈ উঠা ফ্লেটসমূহৰ মেৰামতি তথা পৰিচালনাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন হয়। এনে ফ্লেটসমূহত অৱসৰপ্ৰাপ্ত বহু লোক থাকে। কেতিয়াবা ফ্লেটসমূহৰ ট্রেন্সফৰ্মাৰ বিকল হয়, ডীপ টিউবরেল স্থাপন আদি প্রয়োজন হয়। এইক্ষেত্ৰত আৱাসীসকলে সমস্যাৰ সম্মুখীন হয়। সেয়েহে প্রয়োজন সাপেক্ষে ফ্লেটসমূহত সামূহিক কাম কৰিবৰ বাবে এতিয়াৰে পৰা বিধায়কসকলেও পুঁজি যোগান ধৰিব পাৰিব আৰু ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ পৰা আনটাইড ফাণ্ড যোগান ধৰিব পাৰিব। বিধায়ক পুঁজিৰ ধন গাঁৱৰ পথ নিৰ্মাণ, মন্দিৰ-নামঘৰ আদিত দিয়া হয় যদিও এতিয়াৰে পৰা ফ্লেটৰ আৱাসীকো দিব পাৰিব। এইক্ষেত্ৰত চৰ্ত থাকিব যে ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটটো ছ’চাইটীৰ অধীনত থাকিব লাগিব। দ্বিতীয়তে, ফ্লেটত সামূহিক কাম হ’ব লাগিব। এই আঁচনিৰ অধীনত সুবিধা ল’বৰ বাবে এটা অট্টালিকাত ন্যূনতম এপার্টমেণ্টৰ সংখ্যা ১৬টা হ’ব লাগিব। সমিতিখন পঞ্জীয়নভুক্ত হ’ব লাগিব, ন্যূনতম ৮০ শতাংশ এপার্টমেন্ট দখলীকৃত হৈ থাকিব লাগিব। ৰাজ্যিক কেবিনেটে আজি অসমত উদ্ভাৱন আৰু ষ্টার্টআপ সম্পর্কীয় কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে উদ্ভাৱন, ইনকিউৰেচন আৰু ষ্টার্টআপ বিভাগৰ অসম উদ্ভাৱন আৰু ষ্টার্টআপ ফাউণ্ডেচন কোম্পানী গঠনত অনুমোদন জনায়। কেবিনেটে আজি মিছন বসুন্ধৰাৰ অধীনত ভূমি আবণ্টনত অনুমোদন জনায়। ৬খন জিলাৰ ১৫৮ ভূমিত বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰণ, ২৩৪ চাহ বাগিচাৰ ভূমি ম্যাদী পট্টালৈ ৰূপান্তৰ, ৪৮ আন্তঃগাঁথনি প্রকল্প আৰু ২৭টা অব্যক্তিগত ন্যায়িক সন্থাৰ ভূমিৰ আবণ্টনত আজি কেবিনেটে অনুমোদন জনায়। কেবিনেটে আজি মিছন ফৰ অভাৰ অল ইমপ্ৰ’ভমেন্ট অৱ থানাছ ফৰ ৰেছপনচিভ ইমেজ (মৈত্রী) আঁচনিৰ অধীনত ১৫০ কোটি টকাৰ বিত্তীয় অনুমোদনত মঞ্জুৰী দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰকাশ কৰা অনুসৰি আঁচনিখনৰ প্ৰথম পৰ্যায়ত ৭৩খন থানাৰ উন্নয়ন সম্পূর্ণ হৈছে আৰু দ্বিতীয় পর্যায়ত ৪৪ থানাৰ কাম হাতত লোৱা হৈছে। যাৰ ভিতৰত ৩১খন থানা আৰু এখন চাইবাৰ থানাৰ কাম সম্পূৰ্ণ হৈছে। অসম আৰক্ষীৰ বাবে অভূতপূর্বভাৱে ১,৫০০ কোটি টকাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। কেবিনেটে আজি শীঘ্ৰে কাৰ্যকৰী হ’বলগীয়া ১০খন সমজিলাত দক্ষতাপূৰ্ণ আৰক্ষী ব্যৱস্থাৰ বাবে অসম আৰক্ষীৰ অনুমোদিত পদসমূহ উন্নীতকৰণ আৰু পুনঃপদবীকৰণ কৰি সমজিলা আৰক্ষী অধীক্ষক হিচাপে নতুনকৈ ১০টা পদ সৃষ্টিত অনুমোদন জনাইছে। এই নতুন ১০খন সমজিলা ১৫ আগষ্টৰ ভিতৰত কাৰ্যক্ষম হ’ব। কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে যে নতুনকৈ সৃষ্টি হোৱা সমজিলাসমূহ ১২ আগষ্টত উদ্বোধন কৰা হ’ব। সেই অনুসৰি নতুন সমজিলা হিচাপে স্বীকৃতি পোৱা বকো মন্ত্রী জয়ন্ত মল্ল বৰুৱাই, পলাশবাৰী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে, ৰঙাপৰা মন্ত্ৰী পীযূষ হাজৰিকাই, বৰছলা মন্ত্রী অশোক সিংহলে, মৰিয়নি মন্ত্ৰী অজন্তা নেওগে, টীয়ক মন্ত্রী অতুল বৰাই, মাকুম মন্ত্রী বিমল বড়াই, ডিগবৈ ৰূপেশ গোৱালাই, ধলাই কৃষ্ণেন্দু পালে আৰু দুধনৈ ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।