২০৪১ত অসমতে সংখ্যালঘু হ’ব অসমীয়াঃ মুখ্যমন্ত্ৰী

২০৪১ত অসমতে সংখ্যালঘু হ’ব অসমীয়াঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশীৰ প্ৰব্ৰজনে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ প্ৰতি চৰম ভাবুকি নমাই অনাই নহয় সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনত মাটি-ভেটি হেৰুওৱাৰ উপক্ৰম হৈছে অসমীয়াৰ। পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে ৰাজ্যত এতিয়া এক কোটি বাংলাদেশী অবৈধভাৱে থিতাপি লৈছে। ২০১১ চনৰ লোকপিয়লৰ উদ্ধৃতিৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাইএক ভয়ংকৰ তথ্য দাঙি ধৰিলে । মুখ্যমন্ত্রী ড° শৰ্মাৰ তথ্য মতে ২০১১ চনৰ লোকপিয়ল মতে, ৰাজ্যত ৩৪ শতাংশ মুছলমান লোক আছে। ইয়াৰে ৩ শতাংশ খিলঞ্জীয়া মুছলমান লোক। এই ৩ শতাংশক বাদ দিলে বাকী ৩১ শতাংশ মুছলমান প্রব্রজিত। ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰি অবৈধ প্ৰব্ৰজনৰ ভয়ংকৰ সমস্যাৰ কথা দাঙি ধৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, ২০১১ চনৰ লোকপিয়ৰ তথ্য অনুসৰি যদি ৩৪ শতাংশ ধর্মীয় সংখ্যালঘু লোক আছে। ইয়াৰে ৩ শতাংশই খিলঞ্জীয়া মুছলমান। বাকী ৩১ শতাংশ মুছলমান অসমলৈ প্রব্রজিত। উল্লেখ্য যে এই তথ্যই আন এক দিশ দাঙি ধৰিছে। কিয়নো ২০১১ৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩.১২ কোটি। ইয়াৰে এক কোটি লোক যদি বাংলাদেশী হয়, তেন্তে প্ৰব্ৰজনৰ ভয়াৱহ অৱস্থাটো কেনেকুৱা হ’ব সকলোৱে অনুভৱ কৰিব পাৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰ ভিত্তিত যদি ২০২১, ২০৩১ আৰু ২০৪১ত অসমৰ জনসংখ্যা ‘প্রজেক্ট’ কৰা হয়, তেন্তে অসমীয়া আৰু প্ৰব্ৰজিত মুছলমান ৫০-৫০ হৈ পৰিব। অসমত বাংলাদেশী লোকৰ সংখ্যা যদি এইধৰণে বৃদ্ধি হয়, তেন্তে ২০৩১ চন অথবা ২০৪১ চনত অসমৰ মুঠ জনসংখ্যাৰ আধা হ’ব বাংলাদেশী। সামাজিক মাধ্যমযোগেও মুখ্যমন্ত্রীয়ে এই তথ্য উল্লেখ কৰি কয় যে অভিজ্ঞতাভিত্তিক তথ্য আৰু পূৰ্বৰ লোকপিয়লৰ তথ্যই দেখুৱাইছে যে এতিয়াৰে পৰা কিছুবছৰ পিছত অসমত মুছলমান লোকৰ সংখ্যা ৫০ শতাংশৰ ওচৰ চাপিব। মুখ্যমন্ত্রী ড° শৰ্মাৰ এনে তথ্যৰ পৰা এটা কথাই ক’ব পাৰি যে অবৈধ প্ৰব্ৰজন ৰোধ কৰিব নোৱাৰিলে ২০৪১ চনত অসমতে সংখ্যালঘু হৈ পৰিব অসমীয়া।