আমি সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছো: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ মৃত্যুৰ ঘটনাই ৰাজ্য প্ৰশাসনত সৃষ্টি কৰিছে জোকাৰণি। শীর্ষ বিষয়াৰ উপর্যুপৰি হেঁচাৰ ফলত হতাশাত ভুগি আত্মহননৰ পথ বাছি লোৱা সহকাৰী অভিযন্তাগৰাকীয়ে লিখি থৈ যোৱা ছুইচাইড নোটে এক বিতৰ্কৰ সৃষ্টি কৰে। ইতিমধ্যে ঘটনা সন্দর্ভত ছুইচাইড নোটত নাম থকা পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আমিনুল ইছলাম আৰু কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিষয়টো সন্দর্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়- ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰি আছে। যি নির্মাণ কার্যক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হ’ল, তাৰ পৰীক্ষা কৰিবলৈ অভিযন্তাক দায়িত্ব দিয়া হৈছে। আচলতে উক্ত বিল্ডিংটোত কিমান কাম হৈছে বা কাম নকৰাকৈ ধন উলিয়াই নিয়া হৈছে নেকি, সেয়াও পৰীক্ষা কৰা হ’ব। অভিযন্তাৰ এটা দল উক্ত নির্মাণস্থলীলৈ সকলো দিশ পৰীক্ষাৰ বাবে গৈছে। বিল্ডিংটোত যিমান কাম হৈছে তাৰ বিপৰীতে বিল পাব। উল্লেখ্য যে বঙাইগাঁৱৰ বৰ্ষণগাঁওস্থিত এখন মিনি ষ্টেডিয়ামৰ নিৰ্মাণৰ কামক লৈ ঊর্ধ্বতন দুগৰাকী বিষয়াই যোষিতা দাসক মানসিক নির্যাতন চলোৱা বুলি ছুইচাইড নোটত উল্লেখ কৰিছিল সহকাৰী অভিযন্তাগৰাকীয়ে। ঊর্ধ্বতন বিষয়াৰ হেঁচা তথা নির্যাতনত অসহায় হৈ পৰা বুলি উল্লেখ কৰা যোষিতা দাসে আনকি তেওঁক নির্মাণ নোহোৱা কামৰ বাবে ঠিকাদাৰক ধন মোকলাই দিবলৈও ফোনযোগে আমিনুল ইছলাম আৰু দীনেশ শৰ্মাই হেঁচা প্ৰয়োগ কৰাৰ কথাও লিখি থৈ গৈছে। এনে হেঁচাৰ বশৱৰ্তী হৈয়েই আত্মহননৰ পথ বাছি লৈছিল যোষিতা দাসে।